Important Links

 

 

Home

Title: Recent Titles of Brahmaputra Trust

Author:Brahmaputratimes Team

SOME RECENT TITLES PUBLISHED BY THE BRAHMAPUTRA TRUST. Respected readers may visit our facebook site: https://www.facebook.com/asomsahityaprakash     Read More

Title: এক দীৰ্ঘ যাত্ৰাৰ আৰম্ভণি.....

Author:Editor

অসমত স্বাস্থ্যশিক্ষাৰ দ্বাৰ উন্মোচনৰ এটি মুহূৰ্ত এক দীৰ্ঘ যাত্ৰাৰ আৰম্ভণি..... উফ, হোৱাট এ প্ৰলং জাৰ্নি! হৰিবল ইটচ ৰিয়েলি হৰিবল! দিহিং কুঁৱৰী নামৰ জাহাজখন আহি নগাঘূলিৰ ষ্টিমাৰঘাটত যেতিয়া লাগিছিলহি তেতিয়া বেলি অস্তাচলত। চকা পাটত বহা মনোময় সময়, ব্ৰহ্মপুত্ৰৰ বিশাল জলধিয়ে তেতিয়া ৰঙীন ৰূপ ধাৰণ কৰিছিল- দূৰৈৰ ৰঙা আকাশখনৰ সোণালী আভা দিগন্ত ভেদি যেন নামি আহিছিল ধৰালৈ। বালিৰ ওপৰেদি খোজ কাঢ়ি আহি জিমনাষ্টিক খেলুৱৈৰ দৰে পাৰলৈ জাপ মাৰি নামি ৰয়েল বৃটিছ আৰ্মিৰ উচ্চপদস্থ বিষয়াৰ পোছাক পিন্ধা ব্যক্তিজনে গা-মূৰ জোকাৰি কোৱা কথা কেইষাৰে যেন অসন্তুষ্ট কৰিছিল তেওঁৰ পিছে পিছে আহি থকা দ্বিতীয়জন ব্যক্তিক। তেওঁ পাৰলৈ উঠি আহি কৈছিলঃ কিন্তু এনেবিলাক অঞ্চলৰ জনসাধাৰণৰ মাজতেই আমাৰ উপস্থিতিৰ প্ৰয়োজনীয়তা বেছি। দ্বিতীয়জন ব্যক্তিৰ কথাকেইষাৰ যেন মানি লব নুখুজিলে মি: ৱাইল্ড নামৰ গাঢ় সেউজীয়া তৰা লগোৱা সৈন্যবাহিনীৰ বিষয়াজনে। তেওঁ অসন্তোষীয়া মুখভংগীৰে নিজৰ মনোভাৱকে পুনৰ প্ৰকট কৰিলে। আফ্ৰিকাৰ ঘনঘোৰ অঞ্চলত দুবছৰ কটাই আহিছো মই, উস, মানুহো তেনেকৈ থাকে, ভাবিলে আচৰিত লাগে। আমাৰ দেশত বনৰীয়া জীৱ-জন্তুও সেই পৰিবেশত নাথাকে। বগা কোটচোলা আৰু ৰঙা ফেল্টহেট পিন্ধা, দ্বিতীয়জন ব্যক্তিৰ কথাখিনি মূৰ দুপিয়াই নিৰবে সমৰ্থন কৰি অহা তৃতীয়জন ব্যক্তিয়ে এইবাৰ মাত লগালেঃ মি: অফিচাৰ, মই কিন্তু এই কথাটো কবলৈ বাধ্য যে এই অঞ্চলৰ মানুহে পৰিস্কাৰ-পৰিচ্ছন্নতা বুজে। দি দিচেনডেন্ট্ অব দি কিং অৱ থাইলেণ্ড হেড্ কনকোৱাৰড্ দিচ প্লেচ অলমষ্ট ফৰ হাণ্ডেড ইয়াৰচ্ বেক এণ্ড এচটাব্লিচড্ দেয়াৰ কিংদম হিয়াৰ। দে আৰ চিভিলাইজড্ পাৰচনচ্ এন্দ ডে এচটাব্লিচড্ এ চিভিলাইজেচন হিয়াৰ। মিলিটেৰী বিষয়াজনে অৱশ্যে এইবাৰ বিশেষ উচ্চবাক্য নকৰি কলেঃ আই মে এগ্ৰী উইথ ইউ, বাট দ্য আবৰচ এন্দ চাম ইনহবিটান্টচ অব দ্য হিলি ট্ৰেক্ট আৰ ডিচটাৰ্বিং আৱাৰ পিপল বাই এডপটিং ভেৰিয়াচ ট্ৰিকচ, হাউৱেভাৰ দ্য পিপল অৱ ব্ৰহ্মপুত্ৰ ভেলী, পাৰটিকুলাৰলি দ্য পিপল অৱ দিচ এৰিয়া চিমচ টু বি ৰিলিভড অন আৱাৰ এৰাইভেল। পাৰত উঠা তৃতীয়জন ব্যক্তিয়ে কলেঃ আপুনি ইয়াত কাম কৰি বেচ সুখী হব ডাক্তৰ। সৈন্য বাহিনীৰ বিষয়াজনে এইবাৰ নদীৰ পাৰৰ থিয় গঢ়াইদি আগবাঢ়ি অহা চাৰিপাঁচজনীয়া সৈনিকৰ দলটিৰ পিনে আঙুলিয়াই কলেঃ মাই ৱয়জ আৰ কামিং। মই তেন্তে আপোনালোকৰ পৰা বিদায় লোৱাৰ সমাগত। তাৰপিছত হঠাতে বিষয়াজনে শ্বেক্সপীয়েৰৰ নাটকৰ জুলিয়াচ চিজাৰৰ দৰে পজ এটা দি তৃতীয়জন ব্যক্তিলৈ চাই সুধিলেঃ ইমানদুৰ একেলগে আহিলো, কিন্তু আপোনাৰ পৰিচয় লোৱা নহল যে। এইবাৰ বগা কোট আৰু ৰঙা টুপী পিন্ধা চাহাবজনে শব্দ কৰি হাঁহি এটা মাৰিয়ে কলেঃ মি: অফিচাৰ, হি ইজ মি: গিৰিন ফুকন, দ্য ফাৰ্ষ্ট আচামীজ কোৱালিফাইড ডক্টৰ। সৈন্য বাহিনীৰ অফিচাৰজনৰ কপালৰ ৰেখা কেইডালমান জিলিকি উঠিল৷ কলেঃ অহ, মই হলে ভবাই নাছিলো যে তেওঁ এজন নেটিভ। ভেৰি গুড, ভেৰি গুড। বাকী দুয়োজন ব্যক্তিয়ে অৱশ্যে সেনাবাহিনীৰ বিষয়াজনে কি মনোভাব লৈ গুড বুলি কলে নে উপহাস কৰিলে একো ধৰিব নোৱাৰিলে। সমগ্ৰ যাত্ৰাটোৱেই মদগৰ্বী কথাৰে নিজৰ ঔদ্ধত্য প্ৰদৰ্শন কৰি অহা বিষয়াজনে সেইসময়তে তেওঁৰ লৰাহতঁৰ পৰা খটপ খটপ শব্দৰ চেলুট গ্ৰহণ কৰিব লগা হোৱা বাবে বাকী দুজনে দ্বিতীয় এটা কথা চিন্তা কৰিবলৈ অৱকাশ নাপালে। গাঢ় সেউজীয়া পোছাক আৰু বুকু কান্ধত লগাই লোৱা তৰা চিহ্নই এক সুকীয়া গাম্ভীৰ্যৰ আবৰণ প্ৰদান কৰা বিষয়াজনে বিদায়লৈ গুচি যোৱাৰ পিচত এইবাৰ বগা কোট আৰু ৰঙা টুপী পিন্ধা চাহাবজনে ডাঙৰ বিপদৰ পৰা পৰিত্ৰান পোৱাৰ দৰেই দীৰ্ঘনিশ্বাস পেলাই নিজৰ টুপীটো খুলি টুকুৰিয়াই টুকুৰিয়াই ধুলিখিনি আতৰাই ডা: গিৰিন ফুকনলৈ চাই সুধিলেঃ আমি তেন্তে এতিয়া কলৈ যাম মি: ফুকন? চাহাবৰ পোছাক পিন্ধা অসমীয়া ব্যক্তিজনে কলেঃ কমিচনাৰৰ বাংলো নিচেই ওচৰতে। আমি এতিয়া তালৈকে যাম। ৰেভাৰেণ্ড মেথিউজে আমাৰ বাবে তাতে অপেক্ষা কৰিব। কালিলৈৰ পৰাই আমাৰ মিছনৰ কাম আৰম্ভ হব। গ্ৰেহেম চাহাবৰ বঙলাৰ কাষতে প্ৰায় দুবিঘা মাটিৰ প্লট এটা চাই থৈছো। কমিচনাৰ চাহাবেও পছন্দ কৰিছে। তাতে ব্যাপ্তিষ্টসকলৰ সৰু ঘৰ এটাও আছে, তাতে আপোনাৰ ডিচ্‌পেন্সৰীৰ কাম আৰম্ভ কৰিব লাগিব : বাকী দিনকেইটা কলৈ যাব লাগিব, এ আৰ টি কোম্পানীৰ কৰ্মকৰ্তাসকলে ঠিক কৰিব। কিন্তু সপ্তাহটোৰ দুদিন আপুনি ইয়াত থাকিব লাগিব। ব্ৰহ্মপুত্ৰৰ বালিয়েদি খোজ কাঢ়ি আহি দুয়ো গৰাটো পাৰ হৈ সেন্দুৰী আলিত উঠিয়েই দেখিলে ঘোঁৰাবাগী লৈ আহিছে স্বয়ং ৰেভাৰেণ্ড মেথিউজ। ৰেভাৰেণ্ডে দুয়োকে দেখি চিঞৰি উঠিল- ৱেলকাম। ডা: জনবেৰী হোৱাইট, ৱেলকাম। দুই বন্ধুৱে ইজনে সিজনক সাবটি ধৰিলে। ১৮৭০ চনৰ ছেপ্তেম্বৰ মাহৰ কোনোবা এটা দিন আছিল সেয়া। এ আৰ টি কোম্পানী নামৰ বৃটিছ অনুষ্ঠানটোৰ আমন্ত্ৰণ ক্ৰমে চিভিল চাৰ্জন হিচাবে অসমলৈ অহা ডা: জনবেৰী হোৱাইটে ডিব্ৰুগড়ৰ কাষৰীয়া নগাঘূলি ষ্টিমাৰ ঘাটত ভৰি দিয়াৰ সেই মুহূৰ্তটোৱেই অসমলৈ লৈ আহিছিল এক সৌভাগ্য। ভাৰতবৰ্ষৰ এই অৱহেলিত চুকটোত স্বাস্থ্য চিন্তাৰ দ্বাৰ উন্মোচন হৈছিল। মাত্ৰ কেইমাহমানৰ পিছৰে পৰা আৰম্ভ হৈছিল স্বাস্থ্য শিক্ষাৰ অনুষ্ঠান ডা: বেৰী হোৱাইট মেডিকেল স্কুল। অসমৰ আধুনিক ইতিহাসৰ এক দীৰ্ঘ যাত্ৰাৰ আৰম্ভণি আছিল, এই ৰঙা বগা চাহাবজনৰ অসমভূমিত পদাপৰ্ণৰ মুহূৰ্ত। গ্ৰেহেম চাহাবৰ বঙলা থকা অঞ্চলটোৰ ওচৰে পাজৰে সৰু সৰু জুপুৰী ঘৰ কেইটামান আছিল। ভাটীৰ ফালৰ পৰা অহা মানুহ থকা এই ঘৰ কেইটাত গাৱলীয়া মানুহে চাউল-পাত দি যায়- বিনিময়ত নিয়ে পইচা, চিকাৰূপ। গ্ৰেহেম চাহাবে জুপুৰীবোৰ ভঙাই দোকান দিয়ালে৷ মানুহে অঞ্চলটোক গ্ৰেহেম চাহাবৰ বজাৰ আৰু পিছলৈ গ্ৰেহেম বজাৰ নাম দিলে। এই গ্ৰেহেম বজাৰৰ ওচৰতে পৰি থকা বিস্তীৰ্ণ ভূমিৰ দুবিঘামান মাটি লৈ ব্যাপ্তিষ্ট মিছনাৰীসকলে সৰু এখন আশ্ৰম পাতিছিল। দুজনমান মিছনেৰীয়ে ইয়াতে ৰুগীয়া মানুহক ধৰি বান্ধি আনি চিকিৎসা দিছিল। তাৰ কাষতে আছিল সেনা বাহিনীৰ কেম্প- নাম আছিল ডিব্ৰুগড় ৰেচকৰ্ছ। ১৮৩৪ চনৰ ৫ জুনত লণ্ডন চহৰত জন্ম হোৱা জনবেৰী হোৱাইটে লণ্ডনৰ ৰয়েল কলেজ অব ছাৰ্জনৰ পৰা ডিগ্ৰী লৈ ইষ্ট ইণ্ডিয়া কোম্পানীত এছিষ্টেণ্ট ছাৰ্জন হিচাবে যোগদান কৰিছিল। ১৮৫৭ চনত তেওঁক ভাৰতলৈ পঠোৱা হয়। ১৮৫৮ চনত তেওঁক আছাম লাইট ইনফেণ্ট্ৰি বেটেলিয়ানৰ ব্ৰিগেডিয়াৰ ছাৰ্জন হিচাবে নিযুক্তি দি অসমলৈ পঠোৱা হয়। তেওঁৰ কৰ্মস্থান ডিব্ৰুগড় আৰু ইয়াৰ আশ-পাশৰ অঞ্চল বুলি নিৰ্দেশ দিয়া হৈছিল। ১৮৭০ চনত তেওঁ আসাম লাইট ইনফেণ্ট্ৰি বেটেলিয়ানৰ ব্ৰিগেডিয়াৰ পদৰ পৰা অৱসৰ লৈ অসম চৰকাৰৰ অধীনত লক্ষিমপুৰ জিলাৰ চিভিল ছাৰ্জন পদত যোগদান কৰে। এই সময়তে তেওঁ ডিব্ৰুগড়ত মূল আৱাস পাতি অঞ্চলটোৰ অসংখ্য ৰুগীয়া মানুহৰ চিকিৎসা কৰি জনপ্ৰিয়তা অৰ্জন কৰে। ১৮৮২ চনত তেওঁ ৪৮ বছৰ বয়সত অসম চৰকাৰৰ পদৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে আৰু ডিব্ৰুগড়ৰ সেনা বাহিনীৰ কেম্প ৰেচকৰ্ছৰ সেই ঘৰসমূহতে পোনপ্ৰথম বাৰৰ বাবে আৰম্ভ কৰিলে তেওঁৰ চিকিৎসালয়। তেওঁক সহায় কৰিবলৈ কেইবাজনো স্থানীয় যুৱক আগবাঢ়ি আহিল। ইয়াৰ পিছৰ পৰাই ডা: হোৱাইটৰ আহৰি নাইকিয়া হল। কেৱল ডিব্ৰুগড়ৰে নহয় কাষৰীয়া লিডু-মাৰ্ঘেৰিটা-ডিগবৈ-দুলীয়াজানৰ ভিতৰুৱা গাওঁবোৰলৈও গৈ তেওঁ চিকিৎসা সেৱা আগবঢ়াব লাগে। তেওঁ সিদ্ধান্ত ললে আগ্ৰহী যুৱক কেইজনক স্বাস্থ্য শিক্ষাৰ প্ৰাথমিক পাঠ দি গাঁৱে-ভূঞে পঠাব। ৰোগ কঠিন পালে ডিব্ৰুগড়লৈ লৈ আহিব। প্ৰথমে নাম আছিল কেৱল মেডিকেল স্কুল, ৰাইজে নাম দিলে ডা: বেৰী হোৱাইটৰ মেডিকেল স্কুল। স্বাস্থ্য শিক্ষাৰ প্ৰশিক্ষণ আৰম্ভ হল ঠিকেই কিন্তু ডাক্তৰী সা-সৰঞ্জাম নাই। থেচিচকোপ মাত্ৰ দুডাল, প্ৰেচাৰ জোখা যন্ত্ৰ মাত্ৰ এটা, থাৰ্মমিটাৰ আছিল ছয়ডাল। প্ৰশিক্ষণৰ সময়তে ভাঙি-চিঙি থাকিলগৈ তিনিডাল- অন্য দৰৱ পাতিও কমি আহিল। কমিচনাৰ চাহাবে স্কুল পাতিবলৈ অনুমতি দিলে, কিন্তু খাটাংকৈ জনাই দিলে- অসম চৰকাৰে ধন দিব নোৱাৰে। বেপ্টিষ্ট মিছনেৰীসকলৰো আৰ্থিক অৱস্থা সিমান ভাল নহয়। ডা: বেৰী হোৱাইটে তেওঁ ভিজিট কৰা বাগিচাৰ মালিক কেইজনলৈ চিঠি লিখিলে- একেদৰে প্ৰায় কুৰি হাজাৰ টকা যোগাৰ হল। ডিব্ৰুগড় আৰু কলিকতাৰ মাজত চলা জাহাজত ডাক্তৰে কিছু প্ৰয়োজনীয় বস্তু আনিলেগৈ। পূৰ্ণ উদ্যমেৰে চলিল স্কুল। কিন্তু একেই সমস্যা - ৰোগীৰ সংখ্যা যিমান, দৰব পাতিয়ে নিচেই কম দিনহে গল। ডা; হোৱাইটে লণ্ডণত থকা পত্নীলৈ চিঠি লিখি নিজৰ ব্যক্তিগত জমা ধনৰ পৰা প্ৰায় ৫০ হাজাৰ টকা আনি পুনৰ প্ৰয়োজনীয় সা-সজুঁলি আৰু দৰব পাতি অনালে। ডা: হোৱাইটৰ এনে উদ্যম দেখি আচাম টি কোম্পানী, উইলিয়ামচন, জেমচ ৱাৰেন, মেগৰ, ষ্টুৱাৰ্ড আদি চাহ খেতিয়কসকলে বছৰি নিৰ্দিষ্ট পৰিমাণৰ অনুদান দিবলৈ মান্তি হল। ডা: হোৱাইটক আৰু পায় কোনে? ডা: বেৰী হোৱাইট মেডিকেল স্কুল ঠন ধৰি উঠিল- কেইবাজনো সুদক্ষ চিকিৎসক ওলাল। ডা: হোৱাইটে তৃপ্তিৰ হাঁহি মাৰিলে। চৰকাৰীভাৱে বিশেষ সাহার্য নোপোৱাকৈয়ে ডা: হোৱাইটে বিশ্বৰ অবহেলিত চকুটোত যি অভুতপূৰ্ব কাম কৰি গল সেয়া লিখি বুজোৱাৰ ভাষা নাই। কিন্তু কি অশলাগী জাতি আমি, ডা: বেৰী হোৱাইটৰ স্মৃতি সংৰক্ষণৰ নামত আজি আমি এগছ কুটা দুগছ কৰাতো নায়েই- ডা: হোৱাইটে সাজি থৈ যোৱা ঘৰটোও মেৰামতি কৰি পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পৰা নাই। চিকিৎসা মহাবিদ্যালয়ত থকা অডিটৰিয়ামটোৰ নামকৰণৰ বাদে অসমৰ এটি পথৰো নামকৰণ তেওঁৰ নামত নহল৷ এটা প্ৰতিমূৰ্তিও জাকত জিলিকাকৈ স্থাপন কৰা নহল- অশলাগী অসমীয়াই ১৯৪৭ চনত তেওঁৰ মেডিকেল স্কুলক কলেজলৈ উন্নীত কৰি অসম চিকিৎসা মহাবিদ্যালয়খনলৈ পৰিবৰ্তন কৰিলে, ভালেই হল, কিন্তু টি বি ৱাৰ্ড, কেজুৱেলিটি ৱাৰ্ড, কেন্সাৰ ৱাৰ্ড - এই বিলাকৰ কোনো এটাতো তেওঁৰ নামেৰে নামকৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু তেনে একো কৰা নহল, বৰঞ্চ তেওঁৰ নামটো ফলকখনৰ পৰা চিৰদিনৰ বাবে মোহাৰিহে পেলোৱা হল। অতীতক এনেদৰে নসাৎ কৰা অশলাগী জাতি পৃথিৱীত আৰু কৰবাত আছে নে নাই সন্দেহ। সহায় লৈছোঃ ‘Fire in the Wind’ ত Vivian Layৰ পাহৰিব নোৱাৰা অভিনয় আৰু উপন্যাসিক ত্ৰৈলোক্য ভট্টাচাৰ্যৰ লিখনি৷ # বিশ্বজিৎ বৰুৱা      Read More

Title: হে মাতৃভাষা, বিদায় !

Author:Editor

হে মাতৃভাষা, বিদায় !!!! নিজৰ মাতৃক চিৰ বিদায় দিব লগা হোৱা এই বেদনা। সকলোৰে অন্তৰত বাৰম্বাৰ খুন্দা মাৰিছেহি এটা কথাই যি মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত আজি অতদিনে সকলোৱে গাফিলতি প্ৰকাশ কৰিছিল সেই মাতৃভাষাক আজি চিৰবিদায় জনাব লগা হৈছে এই একেখিনি মানুহে। জাৰ্মান অধিকৃত ফ্ৰান্সত ফৰাচী ভাষা পঢ়ুৱাতো সমূলঞ্চে বন্ধ কৰি দিয়া হৈছে। জাৰ্মান শাসকৰ কাঢ়া নিৰ্দেশ। কোনোবাই আপত্তি কৰিলে খাটিব জেইল। সেই সময়ত সকলোৱে অনুভৱ কৰিবলৈ ধৰিছে: এৰা, কিমান শুৱলা, কিমান সুৱদী আছিল আমাৰ এই মাতৃভাষা! উচুপি উচুপি কান্দিছিল সকলোৱে।....     Read More

Title: শিহঁৰণকাৰী ষ্টিলৱেল পথ

Author:Editor

পঞ্চাশ বছৰৰ বৰষুণে ধুই নিয়া ষ্টিলৱেল পথ আজিও আছে। আধা শতিকাৰ ইতিহাস বুকুত বান্ধি অসম-ব্ৰক্ষ্মদেশ সীমান্তৰ পৰা চীনৰ ৰেংগুণ পৰ্টলৈকে আজিও নিৰবে শুই আছে এই ষ্টিলৱেল পথ। পাংচু গিৰিপথৰ সিপাৰে থকা ষ্টিলৱেল পথৰ বাকীচোৱা হয়তো পাৰ হৈ যোৱা ৫০ বছৰে কোনো ভাৰতীয়ই চাবলৈ যোৱা নাই। হয়তো পৰিত্যক্ত হৈ পৰিছে । হয়তো হাবিগজি নেদেখা হৈ পৰিছে। হয়তো অৰ্দ্ধশতিকাৰ বৰষুণে খহাই পেলাইছে বহু অংশ। হয়তো দীৰ্ঘসময়ৰ অৱহেলাই জৰাজীৰ্ণ কৰি পেলাইছে কোনো অংশ। তথাপিও জীয়াই আছে ষ্টিলৱেল পথ। ঐতিহ্য-ৰহস্য বুকুত বান্ধি।...     Read More

Title: আজিৰ চিন্তা-2

Author:Editor

শিৱসাগৰৰ ৰজাদিনীয়া ৰংঘৰৰ মেৰামতি কাৰ্য চলি আছে। বাটৰ কাষত গাড়ীখন থৈ সোমালো।সময় তেতিয়া সন্ধ্যা ছয় বাজি গৈছিল।কাম কৰি থকা মিস্ত্ৰীকেইজনক সুধিলো-‘এতিয়াও কাম কৰি আছে যে।' এজন মিস্ত্ৰীয়ে ককাঁলত হাত থৈ গাটো পোনাই ক'লে-‘অসমৰ বাহিৰৰ পৰা অহা জিলাধিপতিজনে আমাৰ বাবে ইমানখিনি কৰিছে।আমিও অকণমান দেৰিলৈকে কাম কৰি নিদিমনে•' তেতিয়া শিৱসাগৰৰ উপায়ুক্ত আছিল ড০ ৰবি কোটা।      Read More

Title: আজিৰ চিন্তা-1

Author:Editor

মানহানি সম্পৰ্কীয় বিভিন্ন গোচৰ অসমৰ আদালততো উত্থাপন হৈছে। বাতৰি কাকতত প্ৰকাশিত বিভিন্ন বাতৰিৰ দ্বাৰা নিজৰ মানহানি হৈছে বুলি অনুভৱ কৰি বিভিন্নজন ব্যক্তিয়ে বাতৰি কাকতৰ বা সংবাদ মাধ্যমৰ বিৰুদ্ধে মানহানি গোচৰ উত্থাপন কৰাৰ নজিৰ আছে। কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাবে বাতৰি কাকতে সমাজৰ দোষ, ক্ৰুটি সময় সাপেক্ষে উদঙাই দিয়াটো কৰ্তব্য। আ লো চ না ৰ মে জ ত মা ন হা নি গো চ ৰ ব্ৰহ্মপুত্ৰ কাকতৰ সম্পাদনা কক্ষত আয়োজন কৰা আইনৰ আলোচনাৰ মেজ-মেল শিতানৰ প্ৰথমলানি আলোচনাৰ সম্পাদিত ৰূপ সম্পাদক আমি জানো যে মানুহৰ আটাইতকৈ মূল্যৱান সম্পদ হৈছে আত্মসন্মান। ধন, টকা, পইচা আদি পিচৰ কথা। এই সন্মান ৰক্ষা কৰিবলৈ মানুহে সকলো প্ৰকাৰে চেষ্টা কৰে। এগৰাকী ব্যক্তিয়ে আন এগৰাকী ব্যক্তিৰ সন্মান লাঘৱ হোৱাকৈ কোনো কাৰ্য কৰিলে, তেনে আত্মসন্মান লাঘৱ হোৱা ব্যক্তিগৰাকীয়ে আদালতত মানহানি গোচৰ তৰিব পাৰে। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমাৰ কাকতৰ সম্পাদনা কক্ষত একগোট হৈছো সম্পাদকৰ সৈতে চাৰিজন অধিবক্তা। মোৰ সৈতে আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা এম. বি. ইউ. আহমেদ, জিত্ৰ ডেকা আৰু ডিব্ৰুগড়ৰ অধিবক্তা তথা বিশিষ্ট শিশু-সাহিতি্যক প্ৰসেনজিৎ গোস্বামী। আমাৰ আলোচনাৰ থুলমূল ৰূপ এনেধৰণৰ - মানহানি গোচৰ তৰিবলৈ আদালতৰ কাষ চপাৰ বিষয়ে আলোচনা কৰাৰ আগতে মানহানিনো কি, এই বিষয়ে অলপ ক'বলৈ মই আহমেদক অনুৰোধ কৰিছোঁ। আপুনি প্ৰথমেই উল্লেখ কৰিছে যে আত্মসন্মান এজন সচেতন নাগৰিকৰ সকলো সম্পত্তিতকৈ মূল্যৱান সম্পদ। মানহানি হৈছে -- ধৰক এগৰাকী ব্যক্তিৰ সমাজত এটি ভাল স্থান আছে তেখেতক সকলোৱে আদৰ্শ হিচাবে গ্ৰহণ কৰে। হঠাতে তেখেতক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কোনোৱে উদ্দেশ্য প্ৰণোদিতভাৱে তেখেতৰ বিৰুদ্ধে কিবা অপপ্ৰচাৰ চলাই তেতিয়া সেই ব্যক্তিগৰাকীয়ে অপপ্ৰচাৰ চলোৱা ব্যক্তিৰ ওপৰত মানহানি গোচৰ তৰিব পাৰে। এই মন্তব্য মৌখিক হ'ব পাৰে, অথবা লিখিত হ'ব পাৰে। অপপ্ৰচাৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধেও হ'ব পাৰে, কোনো অনুষ্ঠানৰ বিৰুদ্ধেও হ'ব পাৰে বা কোনো সংগঠনৰ বিৰুদ্ধেও হ'ব পাৰে। আইনৰ দৃষ্টিত ব্যক্তি মানে কেৱল মানুহকে নুবুজায়, বৰং সন্থা, সংগঠন আদিকো ব্যক্তিৰ সন্নিবিষ্ট কৰা হৈছে। গতিকে সন্থা-সংগঠনৰ ব্যক্তিত্বত আঘাত কৰা অৰ্থাৎ জনমানসত সন্মান লাঘৱ কৰা কাৰ্য কৰিলেও মানহানি অপৰাধত জড়িত হ'ব পাৰে। এইখিনিতে মই শ্ৰীডেকাক এটা প্ৰশ্ন কৰিব খুজিছো যে ধৰি লওঁক এগৰাকী মৃত ব্যক্তিৰ বিৰুদ্ধে কিবা বেয়া মন্তব্য কৰিলে তেতিয়া মানহানি গোচৰ তৰিব পৰা হ'ব নে নহয়• নিশ্চয়, মৃত ব্যক্তিৰ বিৰুদ্ধে দিয়া মন্তব্যৰ ওপৰতো মানহানি গোচৰ তৰিব পৰা হয়। আইনে কোনো মৃত ব্যক্তিৰ বিৰুদ্ধে দিয়া মন্তব্য তেখেতে জীয়াই থাকোতে দিয়া মন্তব্যৰ সমান বুলিয়েই গণ্য কৰা হয়। যিহেতু মৃত ব্যক্তিৰ বিৰুদ্ধে কৰা মন্তব্যই কেৱল মৃত ব্যক্তিৰ ক্ষতি সাধনেই নকৰে। তেখেতৰ উত্তৰ পুৰুষ সকলৰো ক্ষতি সাধন কৰা হয়। এই মৃত ব্যক্তিৰ উত্তৰাধিকাৰীয়ে এই মানহানি গোচৰ তৰিব পাৰে। বাৰু কওঁকচোন- এজন মানুহক এটা বেয়া মন্তব্য কৰা হ'ল। ধৰা হওঁক এজনক ঘোচখোৰ বুলি মন্তব্য কৰা হ'ল। এইটো তেখেতৰ মানহানি হ'লনে• কোনো ব্যক্তিয়ে কৰা মন্তব্য উদ্দেশ্য প্ৰণোদিত হ'ব লাগিব এক কথা আৰু তৃতীয় ব্যক্তিয়ে জানিব লাগিব। ধৰি লওঁক কোনো এজন লিখিব-পঢ়িব নজনা ব্যক্তিলৈও যদি তেখেতৰ বিষয়ে বেয়াকৈ লিখি পঠোৱা হয় তেতিয়া মানহানি হ'বনে• হ'ব। যিহেতু তেখেত লিখিব -পঢ়িব নজনাৰ বাবে তৃতীয় ব্যক্তিৰ দ্বাৰাহে পঢ়ুৱাব লাগিব। অৰ্থাৎ তৃতীয় ব্যক্তিয়ে এই লিখা কথাখিনিৰ বিষয়ে অৱগত হ'ব। শ্ৰী গোস্বামীয়ে উক্ত আলোচনাৰ সাৰাংশ হিচাপে কয় এনেদৰেঃ- এতিয়া আমি এটি কথা বুজি উঠিলো যে মানহানি হ'বলৈ হ'লে কোনো ব্যক্তি, সন্থা, সংগঠনৰ বিষয়ে বেয়া মন্তব্য প্ৰকাশ কৰিব লাগিব। ই মৌখিকও হ'ব পাৰে, লিখিত হ'ব পাৰে আৰু এই মন্তব্য তৃতীয় ব্যক্তিয়ে জানিব লাগিব। অন্যহাতেদি মৃত ব্যক্তিৰ বিৰুদ্ধে দিয়া মন্তব্যও মানহানি হ'ব পাৰে। সকলো মন্তব্যই মানহানি হ'ব পাৰে নেকি, ইয়াৰ কিবা ড্ৰxন্তুঙ্গহ্মব্ধiপ্সn দণ্ড বিধি আইন আছে নেকি শ্ৰী গোস্বামী• -আছে আছে, নিশ্চয় আছে। [1] এই ধৰক সংগঠনত এজনে আনজনৰ বিষয়ে কৰা মন্তব্য। [2] জনসাধাৰণৰ মঙ্গলৰ বাবে কোনো ব্যক্তিৰ বিষয়ে সত্য ঘটনাৰ ওপৰত কৰা মন্তব্য। [3] কোনো চৰকাৰী চাকৰিয়ালে তেখেতৰ কাৰ্যকালত কৰা আচৰণ সমন্ধে দিয়া মন্তব্য। [4] ৰাজহুৱা প্ৰশ্ন জড়িত থকা কোনো বিষয় কোনো ব্যক্তিৰ আচৰণ বা চৰিত্ৰ সমন্ধে সুবিশ্বাসেৰে কৰা মন্তব্য। [5] আদালতে কোনো বিচাৰত দিয়া ৰায়ৰ বা চলি থকা গোচৰটোৰ বিষয়ে কৰা প্ৰচাৰ। [6] আদালতে বিচাৰ কৰা কোনো দেৱানী বা ফৌজদাৰী গোচৰটোৰ গুণা-গুণৰ ওপৰত বা গোচৰৰ কোনো পক্ষৰ বা সাক্ষীগণৰ আচৰণৰ ওপৰত কৰা মতামত। [7] লিখকৰ লিখনি প্ৰকাশৰ পাচত জনসাধাৰণে কৰা সমালোচনা। [8] আইনসন্মত অধিকাৰ থকা কোনো ব্যক্তিক যদি ভৎসনা কৰা হয় তেতিয়া এইটো মানহানি গোচৰ হ'ব নোৱাৰে। ইয়াৰ দুই এটা উদাহৰণ দিব নেকি• বিভাগীয় মুৰব্বীয়ে তেওঁৰ তলতীয়া কৰ্মচাৰীক আন কৰ্মচাৰীক আন কৰ্মচাৰীৰ আগত বা শিক্ষকে ছাত্ৰক, অন্য ছাত্ৰৰ আগত বা মাক-দেউতাকে কোনো এটি সন্তানক বাকী কেইটা সন্তানৰ আগত বা গিৰিহঁতে লগুৱাক কৰা ভৎসনা আদি মানহানি গোচৰ হ'ব নোৱাৰে। [9] সৎ উদ্দেশ্যেৰে কোনো ব্যক্তিয়ে মাক দেউতাকক তেখেতসকলৰ সন্তানৰ বিষয়ে কৰ অভিযোগ বা কোনো বা কোনো ভৃত্যৰ বিষয়ে গিৰিহঁতক কৰ অভিযোগ। [10] ব্যক্তিগত বা জনসাধাৰণৰ স্বাৰ্থৰ খাতিৰত কোনো ব্যক্তিৰ চৰিত্ৰ সমন্ধে কৰা মতামত। উদাহৰণঃ উদাহৰণস্বৰূপে কোনো দোকানৰ মালিকে তেওঁৰ কৰ্মচাৰীক কোনো এজন গ্ৰাহকক উদ্দেশ্য কৰি কয়-- আমুকাক নগদ টকাতহে বস্তু বিক্ৰি কৰিবা। কাৰণ তেওঁৰ সাধুতাৰ বিষয়ে মোৰ সন্দেহ আছে। এইটো মানহানি হ'ব নোৱাৰে। এই মানহানি গোচৰ আদালতত কেনেধৰণে তৰিব পাৰি শ্ৰী আহমেদ• যিজন ব্যক্তিয়ে নিজৰ সন্মানহানি হৈছে বুলি ভাবিছে তেওঁৰ হেৰুৱা সন্মান ঘূৰাই জনমানসত আত্মপ্ৰতিষ্ঠা কৰিবলৈ আইনৰ সহায় বিচাৰি আদালতত গোচৰ তৰিব পাৰে। যিজন ব্যক্তিয়ে তেওঁৰ সন্মান লাঘৱ হৈছে বুলি ভাবিছে তেখেতে দুয়ো ধৰণে গোচৰ তৰিব পাৰে। দেৱানী গোচৰ তৰি দোষীক শাস্তি বিহাৰ দিহা কৰিব পাৰে। এই শাস্তিৰ বিধান কেনেধৰণৰ• ভাৰতীয় দণ্ড বিধি আইন ৫০০ নং ধাৰাত শাস্তিৰ বিধান দিয়া হৈছে। উক্ত ধাৰামতে এজন ব্যক্তি দোষী বুলি প্ৰমাণিত হ'লে দুই বছৰলৈকে বিনাশ্ৰম কাৰাদণ্ড ও জৰিমনা দিয়াৰ ব্যৱস্থা আছে। এই মানহানি গোচৰ তৰাত সময়ৰ কিবা সীমাবদ্ধতা আছে নেকি• হয়, আছে। আইনে এই গোচৰ তৰাচ সময়ৰ সীমাবদ্ধতা নিৰূপণ কৰিছে। ঘটনা সংগটিত হোৱা তিনিবছৰৰ ভিতৰত এই গোচৰ তৰিব লাগিব। Χ শ্ৰীডেকা, থুলমূলকৈ কওক -- ভাৰতবৰ্ষ আৰু ইংলেণ্ডৰ মাজত কিবা পাৰ্থক্য আছে নেকি• নিশ্চয় আছে। ইংলেণ্ডৰ আইনমতে মানহানি দুটি ভাগত বিভক্ত কৰা হৈছে সেই কেইটা হৈছে আৰু ত্ৰচ্ঞanস্তুঙ্গব্জ। Libঙ্গচ্ঞ হৈছে যিটো কাকতে-পত্ৰে প্ৰকাশ কৰি বা ব্যঙ্গ চিত্ৰ আদি স্থায়ীভাৱে কৰা হয় আৰু আনটো ত্ৰচ্ঞanস্তুঙ্গব্জ হৈছে মৌখিক ভাৱে কাৰাটো। ইংলেণ্ডৰ আইন অনুসৰি Libঙ্গচ্ঞ হে অপৰাধ। কিন্তু ভাৰতত Libঙ্গচ্ঞ আৰু ত্ৰচ্ঞanস্তুঙ্গব্জ ১ মাজত কোনো পাৰ্থক্য ৰখা হোৱা নাই। ভাৰতবৰ্ষৰ আইন অনুসাৰে এই দুয়োটাকে অপৰাধ বুলি গণ্য কৰা হয়। আমি আজি আলোচনাৰ পৰা এটি সিদ্ধান্তত উপনিত হ'ব পাৰিছো যে -- ভাৰতবৰ্ষৰ আইনেও মানহানিৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। পশ্চিমীয়া নাগৰিকৰ দৰে ভাৰতীয় নাগৰিকো এই ক্ষেত্ৰত সচেতন হ'লে আদালতত মানহানি গোচৰ তৰি ন্যায় পাব পাৰে। যিহেতু আমাৰ হাতত সময় নাই, পাঠক-পাঠিকাসকললৈ নমস্কাৰ জনাই আজিৰ আলোচনা আমি সামৰণি মাৰিছো। আলোচনাৰ অন্তত আমাৰ কাকতৰ তৰফৰ পৰা মেজমেলত অংশ গ্ৰহণ কৰা ৩ গৰাকী আইনজ্ঞলৈকে কৃতজ্ঞতা জনোৱা হয় আৰু ভৱিষ্যতলৈ আইন আৰু আদালত শিতানত জটিল আইনৰ সহজ ব্যাখ্যা আগবঢ়াই পঢ়ুৱৈ ৰাইজক উপকৃত কৰিব বুলি আশা কৰা হয়।... Brahmaputra Trust      Read More

 

 
 
Copyright © 2020-2021 Brahamputra Times All Rights Reserved

Web Hosted & Designed By Assamlook.com