Important Links

 

 

Details

Title: আজিৰ চিন্তা-1

Author:Editor

মানহানি সম্পৰ্কীয় বিভিন্ন গোচৰ অসমৰ আদালততো উত্থাপন হৈছে। বাতৰি কাকতত প্ৰকাশিত বিভিন্ন বাতৰিৰ দ্বাৰা নিজৰ মানহানি হৈছে বুলি অনুভৱ কৰি বিভিন্নজন ব্যক্তিয়ে বাতৰি কাকতৰ বা সংবাদ মাধ্যমৰ বিৰুদ্ধে মানহানি গোচৰ উত্থাপন কৰাৰ নজিৰ আছে। কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাবে বাতৰি কাকতে সমাজৰ দোষ, ক্ৰুটি সময় সাপেক্ষে উদঙাই দিয়াটো কৰ্তব্য। আ লো চ না ৰ মে জ ত মা ন হা নি গো চ ৰ ব্ৰহ্মপুত্ৰ কাকতৰ সম্পাদনা কক্ষত আয়োজন কৰা আইনৰ আলোচনাৰ মেজ-মেল শিতানৰ প্ৰথমলানি আলোচনাৰ সম্পাদিত ৰূপ সম্পাদক আমি জানো যে মানুহৰ আটাইতকৈ মূল্যৱান সম্পদ হৈছে আত্মসন্মান। ধন, টকা, পইচা আদি পিচৰ কথা। এই সন্মান ৰক্ষা কৰিবলৈ মানুহে সকলো প্ৰকাৰে চেষ্টা কৰে। এগৰাকী ব্যক্তিয়ে আন এগৰাকী ব্যক্তিৰ সন্মান লাঘৱ হোৱাকৈ কোনো কাৰ্য কৰিলে, তেনে আত্মসন্মান লাঘৱ হোৱা ব্যক্তিগৰাকীয়ে আদালতত মানহানি গোচৰ তৰিব পাৰে। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমাৰ কাকতৰ সম্পাদনা কক্ষত একগোট হৈছো সম্পাদকৰ সৈতে চাৰিজন অধিবক্তা। মোৰ সৈতে আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা এম. বি. ইউ. আহমেদ, জিত্ৰ ডেকা আৰু ডিব্ৰুগড়ৰ অধিবক্তা তথা বিশিষ্ট শিশু-সাহিতি্যক প্ৰসেনজিৎ গোস্বামী। আমাৰ আলোচনাৰ থুলমূল ৰূপ এনেধৰণৰ - মানহানি গোচৰ তৰিবলৈ আদালতৰ কাষ চপাৰ বিষয়ে আলোচনা কৰাৰ আগতে মানহানিনো কি, এই বিষয়ে অলপ ক'বলৈ মই আহমেদক অনুৰোধ কৰিছোঁ। আপুনি প্ৰথমেই উল্লেখ কৰিছে যে আত্মসন্মান এজন সচেতন নাগৰিকৰ সকলো সম্পত্তিতকৈ মূল্যৱান সম্পদ। মানহানি হৈছে -- ধৰক এগৰাকী ব্যক্তিৰ সমাজত এটি ভাল স্থান আছে তেখেতক সকলোৱে আদৰ্শ হিচাবে গ্ৰহণ কৰে। হঠাতে তেখেতক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কোনোৱে উদ্দেশ্য প্ৰণোদিতভাৱে তেখেতৰ বিৰুদ্ধে কিবা অপপ্ৰচাৰ চলাই তেতিয়া সেই ব্যক্তিগৰাকীয়ে অপপ্ৰচাৰ চলোৱা ব্যক্তিৰ ওপৰত মানহানি গোচৰ তৰিব পাৰে। এই মন্তব্য মৌখিক হ'ব পাৰে, অথবা লিখিত হ'ব পাৰে। অপপ্ৰচাৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধেও হ'ব পাৰে, কোনো অনুষ্ঠানৰ বিৰুদ্ধেও হ'ব পাৰে বা কোনো সংগঠনৰ বিৰুদ্ধেও হ'ব পাৰে। আইনৰ দৃষ্টিত ব্যক্তি মানে কেৱল মানুহকে নুবুজায়, বৰং সন্থা, সংগঠন আদিকো ব্যক্তিৰ সন্নিবিষ্ট কৰা হৈছে। গতিকে সন্থা-সংগঠনৰ ব্যক্তিত্বত আঘাত কৰা অৰ্থাৎ জনমানসত সন্মান লাঘৱ কৰা কাৰ্য কৰিলেও মানহানি অপৰাধত জড়িত হ'ব পাৰে। এইখিনিতে মই শ্ৰীডেকাক এটা প্ৰশ্ন কৰিব খুজিছো যে ধৰি লওঁক এগৰাকী মৃত ব্যক্তিৰ বিৰুদ্ধে কিবা বেয়া মন্তব্য কৰিলে তেতিয়া মানহানি গোচৰ তৰিব পৰা হ'ব নে নহয় নিশ্চয়, মৃত ব্যক্তিৰ বিৰুদ্ধে দিয়া মন্তব্যৰ ওপৰতো মানহানি গোচৰ তৰিব পৰা হয়। আইনে কোনো মৃত ব্যক্তিৰ বিৰুদ্ধে দিয়া মন্তব্য তেখেতে জীয়াই থাকোতে দিয়া মন্তব্যৰ সমান বুলিয়েই গণ্য কৰা হয়। যিহেতু মৃত ব্যক্তিৰ বিৰুদ্ধে কৰা মন্তব্যই কেৱল মৃত ব্যক্তিৰ ক্ষতি সাধনেই নকৰে। তেখেতৰ উত্তৰ পুৰুষ সকলৰো ক্ষতি সাধন কৰা হয়। এই মৃত ব্যক্তিৰ উত্তৰাধিকাৰীয়ে এই মানহানি গোচৰ তৰিব পাৰে। বাৰু কওঁকচোন- এজন মানুহক এটা বেয়া মন্তব্য কৰা হ'ল। ধৰা হওঁক এজনক ঘোচখোৰ বুলি মন্তব্য কৰা হ'ল। এইটো তেখেতৰ মানহানি হ'লনে কোনো ব্যক্তিয়ে কৰা মন্তব্য উদ্দেশ্য প্ৰণোদিত হ'ব লাগিব এক কথা আৰু তৃতীয় ব্যক্তিয়ে জানিব লাগিব। ধৰি লওঁক কোনো এজন লিখিব-পঢ়িব নজনা ব্যক্তিলৈও যদি তেখেতৰ বিষয়ে বেয়াকৈ লিখি পঠোৱা হয় তেতিয়া মানহানি হ'বনে হ'ব। যিহেতু তেখেত লিখিব -পঢ়িব নজনাৰ বাবে তৃতীয় ব্যক্তিৰ দ্বাৰাহে পঢ়ুৱাব লাগিব। অৰ্থাৎ তৃতীয় ব্যক্তিয়ে এই লিখা কথাখিনিৰ বিষয়ে অৱগত হ'ব। শ্ৰী গোস্বামীয়ে উক্ত আলোচনাৰ সাৰাংশ হিচাপে কয় এনেদৰেঃ- এতিয়া আমি এটি কথা বুজি উঠিলো যে মানহানি হ'বলৈ হ'লে কোনো ব্যক্তি, সন্থা, সংগঠনৰ বিষয়ে বেয়া মন্তব্য প্ৰকাশ কৰিব লাগিব। ই মৌখিকও হ'ব পাৰে, লিখিত হ'ব পাৰে আৰু এই মন্তব্য তৃতীয় ব্যক্তিয়ে জানিব লাগিব। অন্যহাতেদি মৃত ব্যক্তিৰ বিৰুদ্ধে দিয়া মন্তব্যও মানহানি হ'ব পাৰে। সকলো মন্তব্যই মানহানি হ'ব পাৰে নেকি, ইয়াৰ কিবা ড্ৰxন্তুঙ্গহ্মব্ধiপ্সn দণ্ড বিধি আইন আছে নেকি শ্ৰী গোস্বামী -আছে আছে, নিশ্চয় আছে। [1] এই ধৰক সংগঠনত এজনে আনজনৰ বিষয়ে কৰা মন্তব্য। [2] জনসাধাৰণৰ মঙ্গলৰ বাবে কোনো ব্যক্তিৰ বিষয়ে সত্য ঘটনাৰ ওপৰত কৰা মন্তব্য। [3] কোনো চৰকাৰী চাকৰিয়ালে তেখেতৰ কাৰ্যকালত কৰা আচৰণ সমন্ধে দিয়া মন্তব্য। [4] ৰাজহুৱা প্ৰশ্ন জড়িত থকা কোনো বিষয় কোনো ব্যক্তিৰ আচৰণ বা চৰিত্ৰ সমন্ধে সুবিশ্বাসেৰে কৰা মন্তব্য। [5] আদালতে কোনো বিচাৰত দিয়া ৰায়ৰ বা চলি থকা গোচৰটোৰ বিষয়ে কৰা প্ৰচাৰ। [6] আদালতে বিচাৰ কৰা কোনো দেৱানী বা ফৌজদাৰী গোচৰটোৰ গুণা-গুণৰ ওপৰত বা গোচৰৰ কোনো পক্ষৰ বা সাক্ষীগণৰ আচৰণৰ ওপৰত কৰা মতামত। [7] লিখকৰ লিখনি প্ৰকাশৰ পাচত জনসাধাৰণে কৰা সমালোচনা। [8] আইনসন্মত অধিকাৰ থকা কোনো ব্যক্তিক যদি ভৎসনা কৰা হয় তেতিয়া এইটো মানহানি গোচৰ হ'ব নোৱাৰে। ইয়াৰ দুই এটা উদাহৰণ দিব নেকি বিভাগীয় মুৰব্বীয়ে তেওঁৰ তলতীয়া কৰ্মচাৰীক আন কৰ্মচাৰীক আন কৰ্মচাৰীৰ আগত বা শিক্ষকে ছাত্ৰক, অন্য ছাত্ৰৰ আগত বা মাক-দেউতাকে কোনো এটি সন্তানক বাকী কেইটা সন্তানৰ আগত বা গিৰিহঁতে লগুৱাক কৰা ভৎসনা আদি মানহানি গোচৰ হ'ব নোৱাৰে। [9] সৎ উদ্দেশ্যেৰে কোনো ব্যক্তিয়ে মাক দেউতাকক তেখেতসকলৰ সন্তানৰ বিষয়ে কৰ অভিযোগ বা কোনো বা কোনো ভৃত্যৰ বিষয়ে গিৰিহঁতক কৰ অভিযোগ। [10] ব্যক্তিগত বা জনসাধাৰণৰ স্বাৰ্থৰ খাতিৰত কোনো ব্যক্তিৰ চৰিত্ৰ সমন্ধে কৰা মতামত। উদাহৰণঃ উদাহৰণস্বৰূপে কোনো দোকানৰ মালিকে তেওঁৰ কৰ্মচাৰীক কোনো এজন গ্ৰাহকক উদ্দেশ্য কৰি কয়-- আমুকাক নগদ টকাতহে বস্তু বিক্ৰি কৰিবা। কাৰণ তেওঁৰ সাধুতাৰ বিষয়ে মোৰ সন্দেহ আছে। এইটো মানহানি হ'ব নোৱাৰে। এই মানহানি গোচৰ আদালতত কেনেধৰণে তৰিব পাৰি শ্ৰী আহমেদ যিজন ব্যক্তিয়ে নিজৰ সন্মানহানি হৈছে বুলি ভাবিছে তেওঁৰ হেৰুৱা সন্মান ঘূৰাই জনমানসত আত্মপ্ৰতিষ্ঠা কৰিবলৈ আইনৰ সহায় বিচাৰি আদালতত গোচৰ তৰিব পাৰে। যিজন ব্যক্তিয়ে তেওঁৰ সন্মান লাঘৱ হৈছে বুলি ভাবিছে তেখেতে দুয়ো ধৰণে গোচৰ তৰিব পাৰে। দেৱানী গোচৰ তৰি দোষীক শাস্তি বিহাৰ দিহা কৰিব পাৰে। এই শাস্তিৰ বিধান কেনেধৰণৰ ভাৰতীয় দণ্ড বিধি আইন ৫০০ নং ধাৰাত শাস্তিৰ বিধান দিয়া হৈছে। উক্ত ধাৰামতে এজন ব্যক্তি দোষী বুলি প্ৰমাণিত হ'লে দুই বছৰলৈকে বিনাশ্ৰম কাৰাদণ্ড ও জৰিমনা দিয়াৰ ব্যৱস্থা আছে। এই মানহানি গোচৰ তৰাত সময়ৰ কিবা সীমাবদ্ধতা আছে নেকি হয়, আছে। আইনে এই গোচৰ তৰাচ সময়ৰ সীমাবদ্ধতা নিৰূপণ কৰিছে। ঘটনা সংগটিত হোৱা তিনিবছৰৰ ভিতৰত এই গোচৰ তৰিব লাগিব। শ্ৰীডেকা, থুলমূলকৈ কওক -- ভাৰতবৰ্ষ আৰু ইংলেণ্ডৰ মাজত কিবা পাৰ্থক্য আছে নেকি নিশ্চয় আছে। ইংলেণ্ডৰ আইনমতে মানহানি দুটি ভাগত বিভক্ত কৰা হৈছে সেই কেইটা হৈছে আৰু ত্ৰচ্ঞanস্তুঙ্গব্জ। Libঙ্গচ্ঞ হৈছে যিটো কাকতে-পত্ৰে প্ৰকাশ কৰি বা ব্যঙ্গ চিত্ৰ আদি স্থায়ীভাৱে কৰা হয় আৰু আনটো ত্ৰচ্ঞanস্তুঙ্গব্জ হৈছে মৌখিক ভাৱে কাৰাটো। ইংলেণ্ডৰ আইন অনুসৰি Libঙ্গচ্ঞ হে অপৰাধ। কিন্তু ভাৰতত Libঙ্গচ্ঞ আৰু ত্ৰচ্ঞanস্তুঙ্গব্জ ১ মাজত কোনো পাৰ্থক্য ৰখা হোৱা নাই। ভাৰতবৰ্ষৰ আইন অনুসাৰে এই দুয়োটাকে অপৰাধ বুলি গণ্য কৰা হয়। আমি আজি আলোচনাৰ পৰা এটি সিদ্ধান্তত উপনিত হ'ব পাৰিছো যে -- ভাৰতবৰ্ষৰ আইনেও মানহানিৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। পশ্চিমীয়া নাগৰিকৰ দৰে ভাৰতীয় নাগৰিকো এই ক্ষেত্ৰত সচেতন হ'লে আদালতত মানহানি গোচৰ তৰি ন্যায় পাব পাৰে। যিহেতু আমাৰ হাতত সময় নাই, পাঠক-পাঠিকাসকললৈ নমস্কাৰ জনাই আজিৰ আলোচনা আমি সামৰণি মাৰিছো। আলোচনাৰ অন্তত আমাৰ কাকতৰ তৰফৰ পৰা মেজমেলত অংশ গ্ৰহণ কৰা ৩ গৰাকী আইনজ্ঞলৈকে কৃতজ্ঞতা জনোৱা হয় আৰু ভৱিষ্যতলৈ আইন আৰু আদালত শিতানত জটিল আইনৰ সহজ ব্যাখ্যা আগবঢ়াই পঢ়ুৱৈ ৰাইজক উপকৃত কৰিব বুলি আশা কৰা হয়।... Brahmaputra Trust

মানহানি সম্পৰ্কীয় বিভিন্ন গোচৰ অসমৰ আদালততো উত্থাপন হৈছে। বাতৰি কাকতত প্ৰকাশিত বিভিন্ন বাতৰিৰ দ্বাৰা নিজৰ মানহানি হৈছে বুলি অনুভৱ কৰি বিভিন্নজন ব্যক্তিয়ে বাতৰি কাকতৰ বা সংবাদ মাধ্যমৰ বিৰুদ্ধে মানহানি গোচৰ উত্থাপন কৰাৰ নজিৰ আছে। কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাবে বাতৰি কাকতে সমাজৰ দোষ, ক্ৰুটি সময় সাপেক্ষে উদঙাই দিয়াটো কৰ্তব্য। সেয়েহে এনে প্ৰায়সংখ্যক গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৫০০ ধাৰাৰ অধীনৰ  একচেপচন শিতানৰ অন্তৰ্গত ৰেহাই পোৱাৰ যোগ্য। অৱশ্যে পোনপটীয়াকৈ কোনো ব্যক্তিৰ মানহানি কৰিলে শাস্তি পোৱাটো অৰ্নিবায্য। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত উত্থাপন হোৱা এই প্ৰফুল্ল কুমাৰ মহন্ত বনাম ইলােষ্ট্ৰটেড উইকলী অব ইণ্ডিয়া শীৰ্ষক গোচৰটো এই ক্ষেত্ৰত বিবেচনাৰ যোগ্য।

অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ইলাষ্ট্ৰটেড উইকলী অব ইণ্ডিয়াত এচ এন এম আবদি নামৰ প্ৰতিবেদকজনে লিখা এটা প্ৰবন্ধৰ লেখনিৰ যোগেদি মহন্তৰ মানহানি হৈছে বুলি অনুভৱ কৰি কামৰূপ জিলাৰ জ্যেষ্ঠ দেৱানী আদালতত ক্ষতিপূৰণ বিচাৰি স্বৰ্তগোচৰ [নং- ৯৭/১৯৯১] এটি তৰিছিল। আদালতত আলোচনীখনৰ হৈ প্ৰতিবেদক আবদিয়ে লিখিত জবাব দাখিল কৰিছিল যদিও পিচত গোচৰটোত সময়মতে  উপস্থিত নথকাত গোচৰটি একতৰফা ভাৱে চলিবলৈ আৰম্ভ কৰিলে। ১৯-০৬-৯২ তাৰিখে মহন্তই আদালতত উপস্থিত হৈ নিজৰ সাক্ষ্য প্ৰদান কৰিলে। এই সাক্ষ্যৰ পৰা থুলমূলকৈ গোচৰটোৰ মূলভাৱটো জানিব পৰা যায়।

বিবৰণী অনুযায়ী শ্ৰী আবদিয়ে  লিখা প্ৰবন্ধটিত ভৃগুকুমাৰ ফুকনে সাক্ষাৎকাৰত কোৱা বুলি উল্লেখ কৰি কৈছিল যে প্ৰফুল্লই আলফা উত্থানত সহায় কৰি আৰু পিচত কেন্দ্ৰীয় শাষণ আমন্ত্ৰণ কৰি আনি নিজৰ কবৰ নিজেই খান্দিছে। ফুকনে আৰু কয় যে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্থ চৰকাৰ মহন্তৰ চৰকাৰ আৰু মহন্ত হৈছে সমগ্ৰ দেশৰ আটাইতকৈ অনুপযুক্ত মুখ্যমন্ত্ৰী যি কেৱল মানিপাৱাৰ আৰু মাচলপাৱাৰ লৈয়ে পাঁচ বছৰ ৰাজ্যৰ শাষণ চলালে। এই প্ৰবন্ধ প্ৰকাশ হোৱাৰ পিচত ১৩-১২-৯৯ তাৰিখে শ্ৰীফুকনে শ্ৰী আবদিৰ ভ্ৰমণৰ সময়ত তেওঁ কোনো সাক্ষাৎকাৰ দিয়া নাছিল বুলি মন্তব্য কৰিছিল আৰু আলোচনীখনলৈ এই সম্পৰ্কত স্পষ্টীকৰণ দিবলৈ চিঠিও লিখিছিল। কিন্তু আলোচনীখনে এই স্পষ্টীকৰণ প্ৰকাশ নকৰিলে।

দেৱানী আদালতে গোচৰটো সূক্ষ্মভাৱে বিশ্লেষণ কৰি মহন্তৰ মানহানি হৈছে বুলি অনুবৱ কৰি মহন্তই ইয়াৰ বাবদ ৫০ লাখ ক্ষতিপূৰণ পাবৰ যোগ্য বুলি ৰায় দিয়ে। নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে শ্ৰীআবদিয়ে প্ৰথম আপীল নং ৮০/১৯৮৪ অনুযায়ী উচ্চন্যায়ালয়ত আপীল উত্থাপন কৰে। মাননীয় উচ্চ আদালতে গোচৰটিত দুয়োপক্ষৰ যুক্তিতৰ্ক শুনাৰ পিচত উচ্চতম ন্যায়ালয়ৰ [কিৰণ বেদী বনাম কমিটি অব ইনকুৱাৰী]- এটি সিদ্ধান্তৰ সৈতে সহমত প্ৰকাশ কৰে এনেদৰে--"The right to the enjoyment of a good reputation is a valuable privilege of ancient origin and necessary to human society as stated in Libel  and Slander, S.4 and this right is within the costitutional gnarantee of personal security as stated in Constitutional Law, S.205 and a person may not be deprived of this right through falsehood and violance without liability for the injury as stated in Libel and Slander S.4."সেয়েহে দেৱানী আদালতে মহন্তৰ সপক্ষে গোচৰটোৰ ৰায়দান কৰি উপযুক্ত কামেই কৰিছে বুলি উচ্চ ন্যায়ালয়ে সহমত পোøণ কৰে। কিন্তু ক্ষতিপূৰণৰ পৰিমাণ অতি বেচি হৈছে বুলি অনুভৱ কৰি ৫০ লাখ টকাৰ পৰা ৫  টকালৈ হ্ৰাস কৰে। ন্যায়ালয়ৰ এই নিৰ্দেশ অনুযায়ী শ্ৰীআবদি আৰু আলোচনী পক্ষৰ পৰা  মহন্তই ৫ লাখ টকাৰ ক্ষতিপূৰণ আদায় পোৱাৰ যোগ্য।

        উৎসাহী পাঠকে 2002(1) Guwahati Law Journal 2008


 

 
 
Copyright © 2020-2021 Brahamputra Times All Rights Reserved

Web Hosted & Designed By Assamlook.com