Important Links

 

 

Details

Title: আজিৰ চিন্তা-2

Author:Editor

শিৱসাগৰৰ ৰজাদিনীয়া ৰংঘৰৰ মেৰামতি কাৰ্য চলি আছে। বাটৰ কাষত গাড়ীখন থৈ সোমালো।সময় তেতিয়া সন্ধ্যা ছয় বাজি গৈছিল।কাম কৰি থকা মিস্ত্ৰীকেইজনক সুধিলো-এতিয়াও কাম কৰি আছে যে।' এজন মিস্ত্ৰীয়ে ককাঁলত হাত থৈ গাটো পোনাই ক'লে-অসমৰ বাহিৰৰ পৰা অহা জিলাধিপতিজনে আমাৰ বাবে ইমানখিনি কৰিছে।আমিও অকণমান দেৰিলৈকে কাম কৰি নিদিমনে' তেতিয়া শিৱসাগৰৰ উপায়ুক্ত আছিল ড০ ৰবি কোটা।

শিৱসাগৰৰ ৰজাদিনীয়া ৰংঘৰৰ মেৰামতি কাৰ্য চলি আছে। বাটৰ কাষত গাড়ীখন থৈ সোমালো।সময় তেতিয়া সন্ধ্যা ছয় বাজি গৈছিল।কাম কৰি থকা মিস্ত্ৰীকেইজনক সুধিলো-‘এতিয়াও কাম কৰি আছে যে।' এজন মিস্ত্ৰীয়ে ককাঁলত হাত থৈ গাটো পোনাই ক'লে-‘অসমৰ বাহিৰৰ পৰা অহা জিলাধিপতিজনে আমাৰ  বাবে ইমানখিনি কৰিছে।আমিও অকণমান দেৰিলৈকে কাম কৰি নিদিমনে·' তেতিয়া শিৱসাগৰৰ উপায়ুক্ত আছিল ড০ ৰবি কোটা।0000

গোলাঘাট-শিৱসাগৰৰ নাগৰিকে এতিয়াও পৰম শ্ৰদ্ধাৰে সোৱৰণ কৰে জিলা প্ৰশাসক হিচাপে নিচেই কম সময়ৰ বাবে থাকি যোৱা ড০ৰবি কোটাক।....তেজপুৰৰ নাগৰিকে চহৰখনৰ পুতিগন্ধময় আৱৰ্জনা গুচাই এসময়ৰ ধুনীয়া নগৰখনক নাগৰিকৰ মনোমোহা কৰি গঢ়ি যোৱা উপায়ুক্ত এম জি কে ভানুৰ নাম কৈ এতিয়াও কৃতজ্ঞতা প্ৰকাশ কৰে। গুৱাহাটীৰ শিশু অভিভাৱকসকলে গুৱাহাটী মেট্ৰ'পলিটান ডেভেলপমেণ্ট অথৰিটিৰ উপ-সভাপতি হিচাপে নিজৰ সীমিত সামৰ্থ্যৰে কিন্তু যাদুকৰী হাতৰ পৰশেৰে শিশুহঁতক উপহাৰ দি যোৱা ‘নেহৰু পাৰ্ক'ৰ প্ৰৱেশথলীত এতিয়াৰ দৰে ভৱিষ্যতলৈও স্বাক্ষৰ থৈ গ'ল এইজন এম জি কে ভানুৱে। ৰাজ্যৰ বাহিৰৰ পৰা অহা এনে কেইবাজনো সুদক্ষ বিষয়াই নাগৰিকৰ মন মুহি থৈ গ'ল কিন্তু এওঁলোকক ৰাইজৰ স্বাৰ্থত কাম কৰাৰ ক্ষেত্ৰত পদে পদে বাধা দিয়া পৰিলক্ষিত হয় অসমৰে একাংশ ৰাজনীতিবিদ, বিষয়া, আমোলাই।ড০ৰবি কোটাক গোলাঘাটৰ পৰা আৰু ভানুক অসমৰ পৰাই কেদি পঠাবলৈ কি ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল সেইয়া নিশ্চয় এতিয়াও বহুতৰে মনত আছে।      ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ-এই আঁচনি আছিল ভানুৰ মগজুৰ পৰা উদ্ভৱ হোৱা আঁচনি। গুৱাহাটীত জধে মধে নিৰ্মাণ কৰা ওখ বিল্ডিংবিলাকক নাকি লগোৱা আঁচনিও ৰচিছিল ভানুৱে।মুখ্যমন্ত্ৰীৰ সেঁহাতস্বৰূপ হৈ ভানুৱে ৰাইজৰ স্বাৰ্থত ভাল ভাল আঁচনি গ্ৰহণ কৰিছিল যদিও তেওঁক দিল্লীলৈ পঠিয়াই কেইজনমান স্থলবুদ্ধিৰ ৰাজনীতিবিদ কেনেকৈ অসম আৰু অসমীয়াৰ ভাগ্য নিয়ন্তা হৈ বহি মূৰে ভৰি কাঢ়িছিল সেয়া সকলোৱেই লক্ষ্য কৰিছিল।000000

ডিব্ৰুগড় মহাফেজখানা পুৰণি আদালত ভৱন প্ৰাঙ্গণত থাকোতে তদানীন্তন উপায়ুক্ত, সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া এম. এছ. ৰাওৰ সৌজন্যত এই মহাফেজখানাত ভুমূকি মাৰি চোৱাৰ সৌভাগ্য হৈছিল। আমাৰ সমাজ জীৱনৰ লুকাই থকা অংশটোত পোহৰ পেলাব পৰা এই নথি পত্ৰসমূহ সংৰক্ষণ কৰাৰ প্ৰয়োজনবোধ নকৰোনে......এই কথাটোকে তদানীন্তন উপায়ুক্ত এম. এছ. ৰাওক সোধাত তেওঁ এই দলিল পত্ৰসমূহ কলিকতালৈ নি কেমিকেল ট্ৰিটমেণ্ট কৰাই সংৰক্ষণ কৰিব লাগে বুলি মত প্ৰকাশ কৰিছিল।এই সম্পৰ্কত তেওঁ অসম চৰকাৰলৈ লিখালিখিও কৰিছিল। কিন্তু ৰাও চাহাব বদলি হৈ গুচি যোৱাৰ পিছত বিষয়টো সিমানতে তাপ মাৰিল।

কনকসেন ডেকা সাহিত্য  সভাৰ সভাপতি থকাৰ কালত মোলৈ কিছু কিতাপ পঠিয়াই ক'লে, বছৰৰ পহিলা দিনটো আমি কিতাপৰ দিন বুলিছো, সেয়েহে কিতাপখিনি বিভিন্নজনক বিলাই দি দিনটোৰ শুভাৰম্ভ কৰিবা। বছৰৰ পহিলা দিনটোৰ পুৱাই আমি চাৰিজনমান লগ হ'লো। সাহিত্যকৰ্মী থানেশ্বৰ বৰা, সাংবাদিক শৈলেন দত্তকে আদি কৰি।সাহিত্য সভা ভৱনৰ পৰা জিলা উপায়ুক্তৰ বাসভৱনলৈ গৈ তেওঁকে দুখন কিতাপ উপহাৰ দি আমাৰ অভিযান আৰম্ভ কৰিম বুলি ভাবিলো।উপায়ুক্ত আশুতোষ অগ্নিহোত্ৰীয়ে আমাৰ উপহাৰ গ্ৰহণ কৰি কথা বতৰা পতাৰ সময়তে মই উপৰোক্ত কথাখিনি কৈ তেওঁ ডিব্ৰুগড়বাসীৰ মাজত চিৰদিনৰ বাবে স্মৰণযোগ্য হৈ থকাৰ কিবা আঁচনি পাঙিছে নেকি বুলি সোধাত তেওঁ একমূহুৰ্ত থমকি ৰৈ ক'লে-‘মই চৌকিডিঙি খেলপথাৰখনৰ উন্নয়ন কৰি যাম বুলি ভাবিছো।' জ্যেষ্ঠ নাগৰিকে পুৱা গধূলি খোজ কাঢ়িব পৰাকৈ চৌদিশে ফুটপাথ দিব পৰা যায় নেকি ভাবি চাবলৈ আমি পৰামৰ্শ দিলো। তেও কথা দিলে, কথা ৰাখিলে।অগ্নিহোত্ৰীৰ প্ৰতি আমি চিৰদিনৰ বাবে কৃতজ্ঞতাৰ পাশত বান্ধ খালো। নিষ্কৰ্মা অকমৰ্ণ্য মানুহেহে ধনৰ অভাৱৰ দোহাই দিয়ে। সৎ, দক্ষ বিষয়া কাৰ বাবে মূৰ কামোৰণি-----এনে লোক কাৰ বাবে মূৰ কামোৰণি সেয়া চিনি পাবলৈ নাগৰিকৰ বাবে কঠিন নহয়।

আমি যেতিয়া ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তলৰ মহলাৰ ছাত্ৰ হৈ আছিলো তেতিয়া ডিব্ৰুগড়ত কাৰ্যনিৰ্বাহ কৰি থকা এজন উপায়ুক্তৰ কথাবিলাক ৰূপকথাৰ দৰেই ডাঙৰৰ মুখত শুনিছিলো আৰু অতিকে আহ্লাদিত হৈছিলো। কেৱল যে সাধু শুনি তৃপ্তি পোৱাৰ দৰেই কথাটো আছিল তেনে নহয় বৰঞ্চ ভৱিষ্যতলৈও আমিও তেওঁৰ দৰেই সততাক মূলধন কৰি জীৱনত আগুৱাই যাম বুলি মনে প্ৰাণে যেন প্ৰতিশ্ৰুতিবদ্ধ হৈছিলো। জীৱনত সততাৰ মূল্য কিমান আৰু এনে সৎ প্ৰতিভাৱান প্ৰশাসকসকলৰ বাবেই যেন দেশত আইনৰ শাসন বাহাল আছে আৰু দেশখন শান্তিকামী নাগৰিকসকলৰ বাবে বাসোপযোগী হৈ আছে সেইকথা আমি ৰেh ৰেh উপলব্ধি কৰিছিলো।

সেই সময়ত বাংলাদেশৰ মুক্তি সংগ্ৰামৰ সৈতে ভাৰতীয় নাগৰিকসকলো একাত্ম হৈ পৰিছিল আৰু সকলো ব্যস্ত হৈ পৰিছিল শৰণাৰ্থীসকলৰ সংস্থাপনৰ বাবে। প্ৰশাসনৰ ভিতৰ চ'ৰাৰ  আৰু ৰাজনৈতিক ব্যক্তিসকলৰ একাংশ লোক অহৈতুকভাৱে ব্যস্ত হৈ পৰাৰ গোপন কথা এটাও অৱশ্যে আছিল। সেয়া আছিল শৰণাৰ্থীসকলৰ সংস্থাপনৰ বাবে কেন্দ্ৰৰ পৰা অহা মোটা অংকৰ ধন আৰু অন্যান্য সা-সামগ্ৰী। এই মোটা অংকৰ ধন হিচাপ বিহীনভাৱে খৰচ কৰা হৈছিল আৰু সা-সামগ্ৰীসমূহ উৎসতে একাংশ দুৰ্নীতিগ্ৰস্ত লোকে উদৰস্থ কৰিছিল। তাৰ ফলস্বৰূপে সত্তৰৰ দশকৰ মাজভাগতে এই অঞ্চলত ভীষণ খাদ্য সংকটে দেখা দিছিল আৰু দুৰ্নীতিয়ে এনেদৰে চানি ধৰিবলৈ আৰম্ভ কৰিছিল যে দেশত জৰুৰী অৱস্থা প্ৰৱৰ্তনৰ বাদে গত্যন্তৰ নোহোৱা হৈছিল। আজি জৰুৰী অৱস্থা প্ৰৱৰ্তনৰ বাবে ইন্দিৰা গান্ধীক সকলোৱে সমস্বৰে দোষ দিয়ে যদিও সেই মূহুৰ্তত  কেন্দ্ৰীয় চৰকাৰৰ ইয়াৰ বাদে অন্য উপায়ো নাছিল। ইন্দিৰা গান্ধীৰ ভুলটো জৰুৰী অৱস্থা প্ৰৱৰ্তন নহয় বৰঞ্চ তেওঁৰ মৰমৰ পুত্ৰ সঞ্জয় গান্ধী আৰু সঞ্জয়ৰ চৌকাষে থকা ‘চাইকফেন' বিলাকক নিয়ন্ত্ৰণ কৰিব নোৱাৰাটোহে। সমাজৰ উচ্চ খাপৰ যিকোনো মানুহৰে ভৱিষ্যত ধ্বংস কৰে তেওঁৰ চৌকাষে থকা চাতুকাৰ সকলেহে।

সেই সময়তে আমি শুনিবলৈ পাইছিলো এটা শব্দ ‘Îব্লক মাৰ্কেটিং'। ক'লা বজাৰ আৰু ক'লা বেপাৰীৰ প্ৰাদুৰ্ভাৱে তচনচ কৰি পেলাইছিল আমাৰ সাধাৰণ নাগৰিকৰ জীৱন। পেট্ৰ'ল-ডিজেলৰ  পৰা ঘৰ সজা সামগ্ৰী লোহা চিমেণ্টলৈকে চৰকাৰীভাৱে ‘ৰেচনিং' কৰি নিয়ন্ত্ৰণ কৰিব লগা হৈছিল। এশ বেগ বিচাৰি উপায়ুক্তৰ ওচৰত আৱেদন কৰি দহ বেগ চিমেণ্টেহে পোৱাৰ সৌভাগ্য ঘটিছিল। যি পাইছিল সেইজন সমাজৰ সৌভাগ্যবান ব্যক্তি আছিল।

সেই সময়ত ডিব্ৰুগড়ৰ জিলা প্ৰশাসকজনৰ আগদিনাৰ ‘একচন' আমি পিছদিনা ৰূপকথাৰ দৰে শুনিবলৈ পাইছিলো। ৰাতি তেওঁ লুঙী পিন্ধি গৈ, উপায়ুক্তৰ গাড়ী দূৰতে থৈ গৈ ক'লা বেপাৰীৰ গুডাম ৰেইড কৰিছিল। চাউল নোহোৱা বজাৰখনলৈ পিছদিনাই ক'ৰপৰা মাটি ফুটি চাউল ওলাইছিল সেয়া চাবলৈ মানুহ জুম বান্ধিছিলগৈ। একেদৰে মন্দা হৈ পৰা আলু পিয়াজকে আদি কৰি খাদ্য সামগ্ৰী ডিব্ৰুগড় বজাৰত সুলভ হৈ পৰিছিল। শিশু খাদ্যৰ বাবে হাঁহাকাৰ কৰা নাগৰিকে চৌকিডিঙ্গি বজাৰতে বেবী ফুডৰ টেমা ওলমাই থোৱা দেখিছিল। এটুপি কেৰাচিনৰ বাবে হাহাকাৰ কৰা নাগৰিকৰ ঘৰৰ আগেদি কেৰাচিন তেলৰ ভাৰবাহী ৰিক্সা চলিবলৈ আৰম্ভ কৰিছিল। যি সময়ত অসমৰ অন্যান্য ঠাইত নিত্য ব্যৱহাৰ্য বস্তুৰ বাবে হাহাকাৰ হৈছিল সেই সময়ত ডিব্ৰুগড়বাসীয়ে কেৱল সকাহ পোৱাই নহয়, বৰঞ্চ শিৱসাগৰ-যোৰহাটৰ পৰা ইষ্ট কুটুম্বই শিশু খাদ্য কিনিবলৈ ডিব্ৰুগড়লৈ আহিছিল। এজন জিলা প্ৰশাসকে কেনেদৰে চহৰ এখনৰ ৰূপ সলাই পেলাব পাৰে সেয়া স্কুলীয়া কালতে দেখিছিলো আমি।

এইজন প্ৰশাসকৰ আৰু এটা কথা শুনি সঁচকিত হৈছিলো মই। স্কুললৈ যোৱাৰ বাটত সেই সময়ৰ ডিব্ৰুগড়ৰ জিলা ন্যায়াধীশৰ ল'ৰা মোৰ সহপাঠী সমৰে কৈছিল, ‘শুনিছনে নাই, ডি চিয়ে হেনো আব্দুল মালিকৰ উপন্যাসৰ ইংৰাজী অনুবাদৰ কামো কৰি আছে।' স্কুললৈ অহা যোৱাৰ বাটৰ কাষতে উপায়ুক্তৰ বাসভৱনৰ গেটখনৰ পিনে তধা লাগি চাই ভাবিছিলো, ‘ময়ো ডাঙৰ হ'লে এজন শৈলেন্দ্ৰ কুমাৰ অগ্নিহোত্ৰী হ'ম।'


 

 
 
Copyright © 2020-2021 Brahamputra Times All Rights Reserved

Web Hosted & Designed By Assamlook.com