Important Links

 

 

Details

Title: হে মাতৃভাষা, বিদায় !

Author:Editor

হে মাতৃভাষা, বিদায় !!!! নিজৰ মাতৃক চিৰ বিদায় দিব লগা হোৱা এই বেদনা। সকলোৰে অন্তৰত বাৰম্বাৰ খুন্দা মাৰিছেহি এটা কথাই যি মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত আজি অতদিনে সকলোৱে গাফিলতি প্ৰকাশ কৰিছিল সেই মাতৃভাষাক আজি চিৰবিদায় জনাব লগা হৈছে এই একেখিনি মানুহে। জাৰ্মান অধিকৃত ফ্ৰান্সত ফৰাচী ভাষা পঢ়ুৱাতো সমূলঞ্চে বন্ধ কৰি দিয়া হৈছে। জাৰ্মান শাসকৰ কাঢ়া নিৰ্দেশ। কোনোবাই আপত্তি কৰিলে খাটিব জেইল। সেই সময়ত সকলোৱে অনুভৱ কৰিবলৈ ধৰিছে: এৰা, কিমান শুৱলা, কিমান সুৱদী আছিল আমাৰ এই মাতৃভাষা! উচুপি উচুপি কান্দিছিল সকলোৱে।....

হে মাতৃভাষা, বিদায় !0000000
বিশ্বজিৎ বৰুৱা
BIG BREAKING
He Matribaxa, Bidai!!!!
NOT ONLY FROM STAGES
BUT FROM OUR EVERY HOUSEHOLD..
Vive LA France...
Vive LA Axomiya...
হে মাতৃভাষা, বিদায় !0000000
বিশ্বজিৎ বৰুৱা
জাৰ্মানী আৰু ফ্ৰান্সৰ মাজৰ যুদ্ধৰ সময়ৰ কথা। জাৰ্মানীয়ে ফ্ৰান্সৰ এটা অংশ অধিকাৰ কৰিলে আৰু অধিকৃত অঞ্চলসমূহৰ স্কুলবিলাকত ফৰাচী ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষা পঢ়ুৱাবলৈ নিৰ্দেশ দিলে।
মই যিটো দিনৰ কথা লেখিছো সেই বিশেষ দিনটোত জাৰ্মান অধিকৃত ফ্ৰান্সৰ অঞ্চলসমূহৰ স্কুলবিলাকত শেষবাৰৰ বাবে ফৰাচী পঢ়ুওৱা হব, পিছদিনাৰ পৰা তাৰ পৰিৱৰ্তে আৰম্ভ হব জাৰ্মান ভাষাৰ শিক্ষা।
এখন স্কুলৰ ফৰাচী ভাষাৰ শিক্ষক এজনে জীৱনত শেষবাৰৰ বাবে ফৰাচী ভাষাৰ পাঠদান কৰিবলৈ শ্ৰেণীকোঠাত সোমাই দেখিলে-- কোঠাটোত কেৱল ছাত্ৰই নহয়, বৰঞ্চ গাওঁখনৰ অগণন ডেকা, আবাল-বৃদ্ধ-বনিতাৰে ঠাহ খাই আছে। সকলোৰে চকুত চকুপানী। উচুপি উচুপি কান্দিছে সকলোৱে। কোনেও সহ কৰিব পৰা নাই এই বেদনা।
নিজৰ মাতৃক চিৰ বিদায় দিব লগা হোৱা এই বেদনা। সকলোৰে অন্তৰত বাৰম্বাৰ খুন্দা মাৰিছেহি এটা কথাই যি মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত আজি অতদিনে সকলোৱে গাফিলতি প্ৰকাশ কৰিছিল সেই মাতৃভাষাক আজি চিৰবিদায় জনাব লগা হৈছে এই একেখিনি মানুহে। জাৰ্মান অধিকৃত ফ্ৰান্সত ফৰাচী ভাষা পঢ়ুৱাতো সমূলঞ্চে বন্ধ কৰি দিয়া হৈছে।
জাৰ্মান শাসকৰ কাঢ়া নিৰ্দেশ। কোনোবাই আপত্তি কৰিলে খাটিব জেইল। সেই সময়ত সকলোৱে অনুভৱ কৰিবলৈ ধৰিছে: এৰা, কিমান শুৱলা, কিমান সুৱদী আছিল আমাৰ এই মাতৃভাষা! উচুপি উচুপি কান্দিছিল সকলোৱে। কেৱল ছাত্ৰই নহয়। ডেকা, বৃদ্ধ সকলোৱে। সময়বোৰ যেন থমকি ৰৈছিল মুহূৰ্তৰ বাবে।
এজন বৃদ্ধই কান্দি কান্দি চিঞৰি উঠিছিল- সময়, তুমি ৰৈ যোৱা। শিক্ষকজনে শেষবাৰৰ বাবে বৰ্ডখনত এটি ফৰাচী কবিতা লিখিলে আৰু বৰ্ডখনৰ ঠিক কবিতাটিৰ ওপৰত মূৰ থৈ উচুপি উচুপি কান্দিলে আৰু হাতেৰে সকলোকে ইংগিত দিলে শ্ৰেণীকোঠাৰ পৰা ওলাই যাবলৈ।oooooooo
মোৰ বন্ধু ড০ প্ৰশান্ত শইকীয়া অলপতে পেৰিচ ঘূৰি আহিলগৈ। পেৰিচৰ কি সম্পদ চাই তেওঁ সুখী হল বুলি সোধাত তেওঁ যি উত্তৰ দিলে সেই উত্তৰে মোৰো মন পুলকিত কৰিলে। এই সম্পৰ্কত মই আগেয়েই লিখিছিলো যদিও প্ৰসঙ্গক্ৰমে পুনৰ উল্লেখ কৰিব লগা হল। তেওঁ পেৰিচৰ উপকণ্ঠ অঞ্চল এটালৈ ফুৰিবলৈ যাওঁতে দেখা পালে এটা সৰু আটোমটোকাৰি ঘৰৰ আগত স্থানীয় পৌৰ নিগমে এখন ৰঙা ফলক আঁৰি দিছে যত লিখা আছে- গাড়ীৰ হৰ্ণ বজাই হাই-উৰুমি নকৰিব, লেখকে লেখি আছে। ড০ শইকীয়াই আচৰিত হোৱাত গাইডে কলে, এই ঘৰটোত ছয়জন লেখক থাকে। ফৰাচীসকলে লেখক শিল্পীসকলকেই আটাইতকৈ সন্মান কৰে। এই সন্মানৰ বাবে কোনো ব্যক্তি নবেল প্ৰাইজৰ দ্বাৰা পুৰষ্কৃত নহলেও হব। হাতত কলম-তুলিকা লোৱা সকলো লোককেই ফৰাচীসকলে লেখাৰ বাবে সকলো সা-সুবিধা কৰি দিয়ে। কিয়নো আমি জানো আমি হয়তো এদিন নাথাকিবও পাৰো, ফৰাচী জাতি নাথাকিব পাৰে, কিন্তু আমাৰ সাহিত্য থাকি যাব। আমাৰ শিল্প থাকি যাব। আমাৰ সংস্কৃতি থাকি যাব।
এইখিনিতে বিশিষ্ট লেখক ঐশ্বৰ্য কাকতিয়ে ক্ৰুৱেচিয়াত লাভ কৰা এটা অভিজ্ঞতাৰ বিষয়েও উনুকিয়াই থওঁ। এখন সভাত যোগদান কৰিবলৈ গৈ সভা আৰম্ভ হবলৈ কিছু সময় থকাৰ বাবে ৰাজহুৱা প্ৰেক্ষাগৃহৰ সন্মুখৰ উদ্যানত বহি মানুহৰ আহ-যাহ লক্ষ্য কৰিছিল। তেওঁ বহি থকা সময়ত দেখিছিল সেইফালেদি অহা-যোৱা কৰা সকলোৱে উদ্যানৰ এচুকত থকা এটা প্ৰস্তৰ মূৰ্তিক সেৱা জনাই, কোনোৱে সেৱা জনাই আকৌ আবেগিক হৈ কিছুসময় চকুপানী টুকি গুচি গৈছে। বহু সময় ধৰি লক্ষ্য কৰাৰ পিছত কাকতিয়ে তেওঁৰ দোভাষী হিচাবে থকা স্থানীয় উকীলজনক সেই মূৰ্তিটো ক্ৰুৱেচিয়াৰ কোনোবা বিশিষ্ট ৰাজনীতিবিদৰ নেকি বুলি প্ৰশ্ন কৰাত দোভাষী উকীলজনে আচৰিত কথা এটা শুনাৰ দৰে ভংগী কৰি কলে- আমাৰ দেশত কোনো ৰাজনীতিকৰ মূৰ্তি প্ৰতিষ্ঠা কৰা নহয়; আপুনি যি মূৰ্তি দেখিছে সেয়া আমাৰ ক্ৰুৱেচিয়াবাসীৰ অতি মৰমৰ এজন কবিৰ।oooooooo
ফ্ৰান্স বা বিদেশৰ পৰা আমাৰ মাতৃভূমি অসমলৈ ঘূৰি আহি অসমত বৰ্তমান প্ৰেক্ষাপটৰ কথা চিন্তা কৰি আপোনাৰ আচৰিত যেন লগা নাইনে? এক প্ৰচণ্ড নষ্টালজিয়াই আপোনাক বিমূঢ় কৰি তোলা নাইনে? শৈশৱৰ দিনবোৰলৈ আপোনাৰ ঘূৰি যাবলৈ মন যোৱা নাইনে? বৰ্ডত অসমীয়া কবিতা লিখি পানী পানীকৈ বুজোৱাৰ চেষ্টা কৰা সেই শিক্ষাগুৰুজনৰ প্ৰতিচ্ছবি আপোনাৰ মনৰ দাপোণত ভুমুকি মৰাহি নাইনে? মনত পৰা নাইনে শীতকালৰ লেপৰ তলত লুকুৱাই লুকুৱাই উপন্যাস পঢ়াৰ সেই দিনকেইটালৈ? উগ্ৰপন্থীৰ স্বয়ংক্ৰিয় অস্ত্ৰৰ গুলীয়ে থকা-সৰকা কৰা সাংবাদিক লেখকৰ ছটফটাই থকা মৃতদেহৰ কাষত থিয় হৈ বাৰু কল্পনা কৰিধ পৰা যায়নে সেই দিনকেইটাৰ কথা?ooooo
মই জানো আপোনাৰ পত্নীয়ে গৌৰৱ কৰে: কিয়নো আপোনাৰ পোনাটিয়ে আজি অসমীয়া পঢ়িব নাজানে। আপোনাৰ আৰু পত্নীৰ গৌৰৱৰ সীমা নাই, কিয়নো ইংৰাজী মাধ্যমত পঢ়া আপোনাৰ লৰা ছোৱালী দুটাই ফৰিংফুটা শব্দৰে ইংৰাজী কব পাৰে, কিন্তু অসমীয়া কওঁতে আলহীৰ আগতে সিহঁত প্ৰায়ে অপ্ৰস্তুত হয়, কিয়নো সিহঁতে যে অসমীয়া ভাষা ভালকৈ বুজিয়ে নাপায়। কব পাৰে, কিন্তু লিখিব নোৱাৰে।oooo
সেয়েহে হয়তো আঘোন মাহৰ পথাৰৰ সোণালী ধানৰ ওপৰেদি বলা চেচাঁ বতাহজাকে তোমাৰ শৰীৰত শিহৰণ তোলেনে বুলি প্ৰশ্ন কৰিলে সিহঁতে হা কৰি মুখ মেলি ৰয়। আঘোনমহীয়া ধূলিয়ৰি বাটেদি যোৱা কৃষকৰ কান্ধৰ ধানৰ মুঠাৰ ঝিৰ ঝিৰ শব্দই তোমাৰ হৃদয় আলোড়িত কৰেনে বুলি সুধিলে আজিৰ যুগৰ লৰা ছোৱালীয়ে হয়তো মোক হাঁহিব উন্মাদ বুলি। গহীন বননিৰ চৰাইৰ মাত অথবা হাবিৰ মাজেদি অকাই পকাই আগবঢ়া ৰাংঢালী জুৰিটিৰ সংগীতৰ ধ্বনিয়ে তোমাৰ হৃদয় আলোড়িত কৰেনে বুলি সুধিলে সিহঁত হয়তো হাঁহিত ৰব নোৱাৰা হব।oooo
অথচ আপুনিও বিচাৰে আপোনাৰ সন্তানটি মানুহ হওক। তাক যদি কেৱল আপুনি আজিৰ প্ৰতিযোগিতাৰ দৌৰত ভাগ লবলৈ এক যন্ত্ৰ ৰূপে গঢ়ি তোলাটোৱেই বিচাৰে - তেন্তে সেয়া সুকীয়া কথা। যদি ভৱিষ্যতে তাৰ উপাৰ্জন, তাৰ খ্যাতিৰ ওপৰতে বহি ঠেঙৰ ওপৰত ঠেং তুলি খাব বুলি আপুনি অলীক সপোন ৰচি বহি আছে তেন্তে আপোনাৰ ভাৱনাই নিৰ্ঘাত চৰম প্ৰতাৰণা কৰিব আপোনাক। আমেৰিকাৰ নিচিনা সকলো দিশতে জয়জয় ময়ময় দেশতো পিতৃ মাতৃৰ এটাই দুখ-- কুৰি বছৰৰ পাছত তেওঁলোকৰ সন্তান আৰু তেওঁলোকৰ হৈ নাথাকে। প্ৰতিযোগিতাৰ দৌৰত ভাগ লবলৈ সৰুৰে পৰা সাজু কৰি তোলা তেওঁলোকৰ সন্তানে প্ৰতিযোগিতাৰ ট্ৰেকত সোমোৱাৰ পাছত সমস্ত মনুষ্যত্ব হেৰুৱাই পেলায়। সিহঁত পৰিৱৰ্তিত হয় যন্ত্ৰলৈ- ৰবটলৈ, যত পিতৃ মাতৃৰ পৰিচয়, মমতা সকলো ধূলিসাৎ হৈ ৰয় প্ৰতিযোগিতাৰ দৌৰৰ ট্ৰেকত।
আপোনাৰ সন্তানক যদি মানুহ হিচাপে গঢ়ি তুলিব বিচাৰিছে তেন্তে তাক শিকাব লাগিব আকাশ, বতাহ, পানী ভাল পাবলৈ। সিহঁতে উপভোগ কৰিব পাৰিব লাগিব প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। পাহাৰীয়া জুৰিটিৰ মধুৰ শব্দই তাৰো হৃদয়ত তুলিব লাগিব মধুৰ ঝংকাৰ, আঘোনমহীয়া ধূলিয়ৰি কোনো অনামী কৃষকৰ কান্ধৰ ধানৰ মেটমৰা বোজাৰ ঝিৰ ঝিৰ শব্দই তাৰ হৃদয়ত তুলিব লাগিব সংগীতৰ মূৰ্চ্ছনা, চেঁচা বতাহজাকে তুলিব লাগিব মিঠা শিহৰণ, যিদৰে শৈশৱ কালৰ স্মৃতিয়ে আজিও আপোনাক কৰি তোলে আনমনা। আপোনাৰ সন্তান আপোনাৰ দৰে হোৱাটো আপুনিও নিবিচাৰে জানো? নে সিও হৈ পৰক কেৱল প্ৰতিযোগিতাৰ দৌৰৰ ট্ৰেকৰ ভিতৰত মনুষ্যত্ব বিসৰ্জন দিয়া এক যন্ত্ৰ দানৱ, যাৰ পৰিচয় কেৱল ৰৈ যাব - গাড়ী বাৰী আৰু নাৰী, এই তিনিটা শব্দৰ মালিক হিচাবে কিন্তু সেয়া আজি চিন্তা কৰিবলৈ পিতৃ মাতৃ আৰু অভিভাৱকৰ সময় নাই।ooooo
সেয়েহে কোনোবা ভদ্ৰ ঘৰৰ উতনুৱা কিশোৰে মদ খাই মাতলামী কৰি লপা থপা খোৱাৰ পাছত স্বয়ং মাকেই প্ৰতিৰক্ষা দিবলৈ যায় মোৰ লৰাই মদ খোৱা নাই, বিয়েৰহে খাইছে বুলি। এনে পিতৃ মাতৃৰ কোনোবা যন্ত্ৰ সদৃশ সন্তানে আপোনজনৰ মৃতদেহ পথৰ কাষৰ নৰ্দমাত পৰি থকা দেখিলেও হয়তো নাক কোঁচাই আঁতৰি যাব কিম্বা উগ্ৰপন্থীৰ গুলীত ৰাজপথতে তেজৰ ডোঙাৰ মাজত পৰি থকা নিমাখিত নিৰস্ত্ৰ ব্যক্তিজনৰ অথবা ধৰ্ষণৰ বলি হোৱা গাভৰুজনীৰ জীৱনৰ কৰুণ কাহিনীয়ে তেওঁলোকৰ অন্তৰখন যদি সামান্য পৰিমাণে হলেও কঁপাবলৈ সক্ষম নহয়, তেন্তে তেনে সন্তানৰ পৰা নিজ পিতৃ মাতৃয়ে কি আশা কৰিব পাৰে? সমাজ জীৱনলৈ আপোনাৰ সন্তানৰ যদি কোনো অৰিহনা নাথাকে তেন্তে সেইসকলৰ সমাজে সম্পদ বুলিব নে বোজা বুলিব, সেয়া এবাৰ চিন্তা কৰি চাবনে? মোৰ নিজৰ ওকালতি জীৱনতে দেখিছো আজি কেইবছৰমানৰ আগলৈকে পিতৃ মাতৃ অধিবক্তাৰ ওচৰলৈ আহিছিল সন্তানৰ বয়স কমাবলৈ দিহা-পৰামৰ্শ বিচাৰি। কিন্তু এতিয়া সময় সলনি হৈছে। চাৰি বছৰীয়া লৰাটোক ছবছৰীয়া বুলি ভুৱা এফিডেফিট দিবলৈ বহু পিতৃ মাতৃ আহে যাতে তাক সোনকালেই স্কুলত ভৰ্তি কৰি তাৰ মনোমোহা শৈশৱৰ পৰা বঞ্চিত কৰা যায়। কিয়নো আজিৰ শিশুক মনোমোহা শৈশৱ কিশোৰ নালাগে, লাগে কেৱল প্ৰতিযোগিতাৰ দৌৰত ভাগ লোৱাৰ প্ৰস্তুতিহে! কেৱল আত্ম প্ৰতিষ্ঠাৰ বাবে প্ৰতিযোগিতাৰ দৌৰত ভাগ লবলৈ সাজু কৰি তুলা এইসকল সন্তানৰ পৰা অসমীয়া ভাষা সাহিত্য সংস্কৃতিয়ে কি অৰিহণা বাৰু আশা কৰিব পাৰে- সেই চিন্তা আপোনাৰ নহয়নে?oooo

 


 

 
 
Copyright © 2020-2021 Brahamputra Times All Rights Reserved

Web Hosted & Designed By Assamlook.com