Important Links

 

 

Details

Title: এক দীৰ্ঘ যাত্ৰাৰ আৰম্ভণি.....

Author:Editor

অসমত স্বাস্থ্যশিক্ষাৰ দ্বাৰ উন্মোচনৰ এটি মুহূৰ্ত এক দীৰ্ঘ যাত্ৰাৰ আৰম্ভণি..... উফ, হোৱাট এ প্ৰলং জাৰ্নি! হৰিবল ইটচ ৰিয়েলি হৰিবল! দিহিং কুঁৱৰী নামৰ জাহাজখন আহি নগাঘূলিৰ ষ্টিমাৰঘাটত যেতিয়া লাগিছিলহি তেতিয়া বেলি অস্তাচলত। চকা পাটত বহা মনোময় সময়, ব্ৰহ্মপুত্ৰৰ বিশাল জলধিয়ে তেতিয়া ৰঙীন ৰূপ ধাৰণ কৰিছিল- দূৰৈৰ ৰঙা আকাশখনৰ সোণালী আভা দিগন্ত ভেদি যেন নামি আহিছিল ধৰালৈ। বালিৰ ওপৰেদি খোজ কাঢ়ি আহি জিমনাষ্টিক খেলুৱৈৰ দৰে পাৰলৈ জাপ মাৰি নামি ৰয়েল বৃটিছ আৰ্মিৰ উচ্চপদস্থ বিষয়াৰ পোছাক পিন্ধা ব্যক্তিজনে গা-মূৰ জোকাৰি কোৱা কথা কেইষাৰে যেন অসন্তুষ্ট কৰিছিল তেওঁৰ পিছে পিছে আহি থকা দ্বিতীয়জন ব্যক্তিক। তেওঁ পাৰলৈ উঠি আহি কৈছিলঃ কিন্তু এনেবিলাক অঞ্চলৰ জনসাধাৰণৰ মাজতেই আমাৰ উপস্থিতিৰ প্ৰয়োজনীয়তা বেছি। দ্বিতীয়জন ব্যক্তিৰ কথাকেইষাৰ যেন মানি লব নুখুজিলে মি: ৱাইল্ড নামৰ গাঢ় সেউজীয়া তৰা লগোৱা সৈন্যবাহিনীৰ বিষয়াজনে। তেওঁ অসন্তোষীয়া মুখভংগীৰে নিজৰ মনোভাৱকে পুনৰ প্ৰকট কৰিলে। আফ্ৰিকাৰ ঘনঘোৰ অঞ্চলত দুবছৰ কটাই আহিছো মই, উস, মানুহো তেনেকৈ থাকে, ভাবিলে আচৰিত লাগে। আমাৰ দেশত বনৰীয়া জীৱ-জন্তুও সেই পৰিবেশত নাথাকে। বগা কোটচোলা আৰু ৰঙা ফেল্টহেট পিন্ধা, দ্বিতীয়জন ব্যক্তিৰ কথাখিনি মূৰ দুপিয়াই নিৰবে সমৰ্থন কৰি অহা তৃতীয়জন ব্যক্তিয়ে এইবাৰ মাত লগালেঃ মি: অফিচাৰ, মই কিন্তু এই কথাটো কবলৈ বাধ্য যে এই অঞ্চলৰ মানুহে পৰিস্কাৰ-পৰিচ্ছন্নতা বুজে। দি দিচেনডেন্ট্ অব দি কিং অৱ থাইলেণ্ড হেড্ কনকোৱাৰড্ দিচ প্লেচ অলমষ্ট ফৰ হাণ্ডেড ইয়াৰচ্ বেক এণ্ড এচটাব্লিচড্ দেয়াৰ কিংদম হিয়াৰ। দে আৰ চিভিলাইজড্ পাৰচনচ্ এন্দ ডে এচটাব্লিচড্ এ চিভিলাইজেচন হিয়াৰ। মিলিটেৰী বিষয়াজনে অৱশ্যে এইবাৰ বিশেষ উচ্চবাক্য নকৰি কলেঃ আই মে এগ্ৰী উইথ ইউ, বাট দ্য আবৰচ এন্দ চাম ইনহবিটান্টচ অব দ্য হিলি ট্ৰেক্ট আৰ ডিচটাৰ্বিং আৱাৰ পিপল বাই এডপটিং ভেৰিয়াচ ট্ৰিকচ, হাউৱেভাৰ দ্য পিপল অৱ ব্ৰহ্মপুত্ৰ ভেলী, পাৰটিকুলাৰলি দ্য পিপল অৱ দিচ এৰিয়া চিমচ টু বি ৰিলিভড অন আৱাৰ এৰাইভেল। পাৰত উঠা তৃতীয়জন ব্যক্তিয়ে কলেঃ আপুনি ইয়াত কাম কৰি বেচ সুখী হব ডাক্তৰ। সৈন্য বাহিনীৰ বিষয়াজনে এইবাৰ নদীৰ পাৰৰ থিয় গঢ়াইদি আগবাঢ়ি অহা চাৰিপাঁচজনীয়া সৈনিকৰ দলটিৰ পিনে আঙুলিয়াই কলেঃ মাই ৱয়জ আৰ কামিং। মই তেন্তে আপোনালোকৰ পৰা বিদায় লোৱাৰ সমাগত। তাৰপিছত হঠাতে বিষয়াজনে শ্বেক্সপীয়েৰৰ নাটকৰ জুলিয়াচ চিজাৰৰ দৰে পজ এটা দি তৃতীয়জন ব্যক্তিলৈ চাই সুধিলেঃ ইমানদুৰ একেলগে আহিলো, কিন্তু আপোনাৰ পৰিচয় লোৱা নহল যে। এইবাৰ বগা কোট আৰু ৰঙা টুপী পিন্ধা চাহাবজনে শব্দ কৰি হাঁহি এটা মাৰিয়ে কলেঃ মি: অফিচাৰ, হি ইজ মি: গিৰিন ফুকন, দ্য ফাৰ্ষ্ট আচামীজ কোৱালিফাইড ডক্টৰ। সৈন্য বাহিনীৰ অফিচাৰজনৰ কপালৰ ৰেখা কেইডালমান জিলিকি উঠিল৷ কলেঃ অহ, মই হলে ভবাই নাছিলো যে তেওঁ এজন নেটিভ। ভেৰি গুড, ভেৰি গুড। বাকী দুয়োজন ব্যক্তিয়ে অৱশ্যে সেনাবাহিনীৰ বিষয়াজনে কি মনোভাব লৈ গুড বুলি কলে নে উপহাস কৰিলে একো ধৰিব নোৱাৰিলে। সমগ্ৰ যাত্ৰাটোৱেই মদগৰ্বী কথাৰে নিজৰ ঔদ্ধত্য প্ৰদৰ্শন কৰি অহা বিষয়াজনে সেইসময়তে তেওঁৰ লৰাহতঁৰ পৰা খটপ খটপ শব্দৰ চেলুট গ্ৰহণ কৰিব লগা হোৱা বাবে বাকী দুজনে দ্বিতীয় এটা কথা চিন্তা কৰিবলৈ অৱকাশ নাপালে। গাঢ় সেউজীয়া পোছাক আৰু বুকু কান্ধত লগাই লোৱা তৰা চিহ্নই এক সুকীয়া গাম্ভীৰ্যৰ আবৰণ প্ৰদান কৰা বিষয়াজনে বিদায়লৈ গুচি যোৱাৰ পিচত এইবাৰ বগা কোট আৰু ৰঙা টুপী পিন্ধা চাহাবজনে ডাঙৰ বিপদৰ পৰা পৰিত্ৰান পোৱাৰ দৰেই দীৰ্ঘনিশ্বাস পেলাই নিজৰ টুপীটো খুলি টুকুৰিয়াই টুকুৰিয়াই ধুলিখিনি আতৰাই ডা: গিৰিন ফুকনলৈ চাই সুধিলেঃ আমি তেন্তে এতিয়া কলৈ যাম মি: ফুকন? চাহাবৰ পোছাক পিন্ধা অসমীয়া ব্যক্তিজনে কলেঃ কমিচনাৰৰ বাংলো নিচেই ওচৰতে। আমি এতিয়া তালৈকে যাম। ৰেভাৰেণ্ড মেথিউজে আমাৰ বাবে তাতে অপেক্ষা কৰিব। কালিলৈৰ পৰাই আমাৰ মিছনৰ কাম আৰম্ভ হব। গ্ৰেহেম চাহাবৰ বঙলাৰ কাষতে প্ৰায় দুবিঘা মাটিৰ প্লট এটা চাই থৈছো। কমিচনাৰ চাহাবেও পছন্দ কৰিছে। তাতে ব্যাপ্তিষ্টসকলৰ সৰু ঘৰ এটাও আছে, তাতে আপোনাৰ ডিচ্‌পেন্সৰীৰ কাম আৰম্ভ কৰিব লাগিব : বাকী দিনকেইটা কলৈ যাব লাগিব, এ আৰ টি কোম্পানীৰ কৰ্মকৰ্তাসকলে ঠিক কৰিব। কিন্তু সপ্তাহটোৰ দুদিন আপুনি ইয়াত থাকিব লাগিব। ব্ৰহ্মপুত্ৰৰ বালিয়েদি খোজ কাঢ়ি আহি দুয়ো গৰাটো পাৰ হৈ সেন্দুৰী আলিত উঠিয়েই দেখিলে ঘোঁৰাবাগী লৈ আহিছে স্বয়ং ৰেভাৰেণ্ড মেথিউজ। ৰেভাৰেণ্ডে দুয়োকে দেখি চিঞৰি উঠিল- ৱেলকাম। ডা: জনবেৰী হোৱাইট, ৱেলকাম। দুই বন্ধুৱে ইজনে সিজনক সাবটি ধৰিলে। ১৮৭০ চনৰ ছেপ্তেম্বৰ মাহৰ কোনোবা এটা দিন আছিল সেয়া। এ আৰ টি কোম্পানী নামৰ বৃটিছ অনুষ্ঠানটোৰ আমন্ত্ৰণ ক্ৰমে চিভিল চাৰ্জন হিচাবে অসমলৈ অহা ডা: জনবেৰী হোৱাইটে ডিব্ৰুগড়ৰ কাষৰীয়া নগাঘূলি ষ্টিমাৰ ঘাটত ভৰি দিয়াৰ সেই মুহূৰ্তটোৱেই অসমলৈ লৈ আহিছিল এক সৌভাগ্য। ভাৰতবৰ্ষৰ এই অৱহেলিত চুকটোত স্বাস্থ্য চিন্তাৰ দ্বাৰ উন্মোচন হৈছিল। মাত্ৰ কেইমাহমানৰ পিছৰে পৰা আৰম্ভ হৈছিল স্বাস্থ্য শিক্ষাৰ অনুষ্ঠান ডা: বেৰী হোৱাইট মেডিকেল স্কুল। অসমৰ আধুনিক ইতিহাসৰ এক দীৰ্ঘ যাত্ৰাৰ আৰম্ভণি আছিল, এই ৰঙা বগা চাহাবজনৰ অসমভূমিত পদাপৰ্ণৰ মুহূৰ্ত। গ্ৰেহেম চাহাবৰ বঙলা থকা অঞ্চলটোৰ ওচৰে পাজৰে সৰু সৰু জুপুৰী ঘৰ কেইটামান আছিল। ভাটীৰ ফালৰ পৰা অহা মানুহ থকা এই ঘৰ কেইটাত গাৱলীয়া মানুহে চাউল-পাত দি যায়- বিনিময়ত নিয়ে পইচা, চিকাৰূপ। গ্ৰেহেম চাহাবে জুপুৰীবোৰ ভঙাই দোকান দিয়ালে৷ মানুহে অঞ্চলটোক গ্ৰেহেম চাহাবৰ বজাৰ আৰু পিছলৈ গ্ৰেহেম বজাৰ নাম দিলে। এই গ্ৰেহেম বজাৰৰ ওচৰতে পৰি থকা বিস্তীৰ্ণ ভূমিৰ দুবিঘামান মাটি লৈ ব্যাপ্তিষ্ট মিছনাৰীসকলে সৰু এখন আশ্ৰম পাতিছিল। দুজনমান মিছনেৰীয়ে ইয়াতে ৰুগীয়া মানুহক ধৰি বান্ধি আনি চিকিৎসা দিছিল। তাৰ কাষতে আছিল সেনা বাহিনীৰ কেম্প- নাম আছিল ডিব্ৰুগড় ৰেচকৰ্ছ। ১৮৩৪ চনৰ ৫ জুনত লণ্ডন চহৰত জন্ম হোৱা জনবেৰী হোৱাইটে লণ্ডনৰ ৰয়েল কলেজ অব ছাৰ্জনৰ পৰা ডিগ্ৰী লৈ ইষ্ট ইণ্ডিয়া কোম্পানীত এছিষ্টেণ্ট ছাৰ্জন হিচাবে যোগদান কৰিছিল। ১৮৫৭ চনত তেওঁক ভাৰতলৈ পঠোৱা হয়। ১৮৫৮ চনত তেওঁক আছাম লাইট ইনফেণ্ট্ৰি বেটেলিয়ানৰ ব্ৰিগেডিয়াৰ ছাৰ্জন হিচাবে নিযুক্তি দি অসমলৈ পঠোৱা হয়। তেওঁৰ কৰ্মস্থান ডিব্ৰুগড় আৰু ইয়াৰ আশ-পাশৰ অঞ্চল বুলি নিৰ্দেশ দিয়া হৈছিল। ১৮৭০ চনত তেওঁ আসাম লাইট ইনফেণ্ট্ৰি বেটেলিয়ানৰ ব্ৰিগেডিয়াৰ পদৰ পৰা অৱসৰ লৈ অসম চৰকাৰৰ অধীনত লক্ষিমপুৰ জিলাৰ চিভিল ছাৰ্জন পদত যোগদান কৰে। এই সময়তে তেওঁ ডিব্ৰুগড়ত মূল আৱাস পাতি অঞ্চলটোৰ অসংখ্য ৰুগীয়া মানুহৰ চিকিৎসা কৰি জনপ্ৰিয়তা অৰ্জন কৰে। ১৮৮২ চনত তেওঁ ৪৮ বছৰ বয়সত অসম চৰকাৰৰ পদৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে আৰু ডিব্ৰুগড়ৰ সেনা বাহিনীৰ কেম্প ৰেচকৰ্ছৰ সেই ঘৰসমূহতে পোনপ্ৰথম বাৰৰ বাবে আৰম্ভ কৰিলে তেওঁৰ চিকিৎসালয়। তেওঁক সহায় কৰিবলৈ কেইবাজনো স্থানীয় যুৱক আগবাঢ়ি আহিল। ইয়াৰ পিছৰ পৰাই ডা: হোৱাইটৰ আহৰি নাইকিয়া হল। কেৱল ডিব্ৰুগড়ৰে নহয় কাষৰীয়া লিডু-মাৰ্ঘেৰিটা-ডিগবৈ-দুলীয়াজানৰ ভিতৰুৱা গাওঁবোৰলৈও গৈ তেওঁ চিকিৎসা সেৱা আগবঢ়াব লাগে। তেওঁ সিদ্ধান্ত ললে আগ্ৰহী যুৱক কেইজনক স্বাস্থ্য শিক্ষাৰ প্ৰাথমিক পাঠ দি গাঁৱে-ভূঞে পঠাব। ৰোগ কঠিন পালে ডিব্ৰুগড়লৈ লৈ আহিব। প্ৰথমে নাম আছিল কেৱল মেডিকেল স্কুল, ৰাইজে নাম দিলে ডা: বেৰী হোৱাইটৰ মেডিকেল স্কুল। স্বাস্থ্য শিক্ষাৰ প্ৰশিক্ষণ আৰম্ভ হল ঠিকেই কিন্তু ডাক্তৰী সা-সৰঞ্জাম নাই। থেচিচকোপ মাত্ৰ দুডাল, প্ৰেচাৰ জোখা যন্ত্ৰ মাত্ৰ এটা, থাৰ্মমিটাৰ আছিল ছয়ডাল। প্ৰশিক্ষণৰ সময়তে ভাঙি-চিঙি থাকিলগৈ তিনিডাল- অন্য দৰৱ পাতিও কমি আহিল। কমিচনাৰ চাহাবে স্কুল পাতিবলৈ অনুমতি দিলে, কিন্তু খাটাংকৈ জনাই দিলে- অসম চৰকাৰে ধন দিব নোৱাৰে। বেপ্টিষ্ট মিছনেৰীসকলৰো আৰ্থিক অৱস্থা সিমান ভাল নহয়। ডা: বেৰী হোৱাইটে তেওঁ ভিজিট কৰা বাগিচাৰ মালিক কেইজনলৈ চিঠি লিখিলে- একেদৰে প্ৰায় কুৰি হাজাৰ টকা যোগাৰ হল। ডিব্ৰুগড় আৰু কলিকতাৰ মাজত চলা জাহাজত ডাক্তৰে কিছু প্ৰয়োজনীয় বস্তু আনিলেগৈ। পূৰ্ণ উদ্যমেৰে চলিল স্কুল। কিন্তু একেই সমস্যা - ৰোগীৰ সংখ্যা যিমান, দৰব পাতিয়ে নিচেই কম দিনহে গল। ডা; হোৱাইটে লণ্ডণত থকা পত্নীলৈ চিঠি লিখি নিজৰ ব্যক্তিগত জমা ধনৰ পৰা প্ৰায় ৫০ হাজাৰ টকা আনি পুনৰ প্ৰয়োজনীয় সা-সজুঁলি আৰু দৰব পাতি অনালে। ডা: হোৱাইটৰ এনে উদ্যম দেখি আচাম টি কোম্পানী, উইলিয়ামচন, জেমচ ৱাৰেন, মেগৰ, ষ্টুৱাৰ্ড আদি চাহ খেতিয়কসকলে বছৰি নিৰ্দিষ্ট পৰিমাণৰ অনুদান দিবলৈ মান্তি হল। ডা: হোৱাইটক আৰু পায় কোনে? ডা: বেৰী হোৱাইট মেডিকেল স্কুল ঠন ধৰি উঠিল- কেইবাজনো সুদক্ষ চিকিৎসক ওলাল। ডা: হোৱাইটে তৃপ্তিৰ হাঁহি মাৰিলে। চৰকাৰীভাৱে বিশেষ সাহার্য নোপোৱাকৈয়ে ডা: হোৱাইটে বিশ্বৰ অবহেলিত চকুটোত যি অভুতপূৰ্ব কাম কৰি গল সেয়া লিখি বুজোৱাৰ ভাষা নাই। কিন্তু কি অশলাগী জাতি আমি, ডা: বেৰী হোৱাইটৰ স্মৃতি সংৰক্ষণৰ নামত আজি আমি এগছ কুটা দুগছ কৰাতো নায়েই- ডা: হোৱাইটে সাজি থৈ যোৱা ঘৰটোও মেৰামতি কৰি পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পৰা নাই। চিকিৎসা মহাবিদ্যালয়ত থকা অডিটৰিয়ামটোৰ নামকৰণৰ বাদে অসমৰ এটি পথৰো নামকৰণ তেওঁৰ নামত নহল৷ এটা প্ৰতিমূৰ্তিও জাকত জিলিকাকৈ স্থাপন কৰা নহল- অশলাগী অসমীয়াই ১৯৪৭ চনত তেওঁৰ মেডিকেল স্কুলক কলেজলৈ উন্নীত কৰি অসম চিকিৎসা মহাবিদ্যালয়খনলৈ পৰিবৰ্তন কৰিলে, ভালেই হল, কিন্তু টি বি ৱাৰ্ড, কেজুৱেলিটি ৱাৰ্ড, কেন্সাৰ ৱাৰ্ড - এই বিলাকৰ কোনো এটাতো তেওঁৰ নামেৰে নামকৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু তেনে একো কৰা নহল, বৰঞ্চ তেওঁৰ নামটো ফলকখনৰ পৰা চিৰদিনৰ বাবে মোহাৰিহে পেলোৱা হল। অতীতক এনেদৰে নসাৎ কৰা অশলাগী জাতি পৃথিৱীত আৰু কৰবাত আছে নে নাই সন্দেহ। সহায় লৈছোঃ ‘Fire in the Wind’ ত Vivian Layৰ পাহৰিব নোৱাৰা অভিনয় আৰু উপন্যাসিক ত্ৰৈলোক্য ভট্টাচাৰ্যৰ লিখনি৷ # বিশ্বজিৎ বৰুৱা

বিশ্বজিৎ বৰুৱা
ডিব্ৰুগড়ৰ জনবহুল সভাত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ডিব্ৰুগড়বাসীক সাক্ষী ৰাখি বগীবিল দলং নির্মাণকার্যত জড়িত সকলক ২০০৬ চনৰ ভিতৰতে দলঙখনৰ নির্মাণকার্য সম্পন্ন কৰিবলৈ নির্দেশ দিছিল। কংগ্ৰেছৰ লেহেমীয়া শাষণৰ পিচত বাজপেয়ীদেৱৰ উত্তৰসূৰী Narendra Modi-Sarbananda Sonowal য়ে দেশৰ শাষণভাৰ গ্ৰহণ কৰিছে। এতিয়া আমি বাট চাইছো-- এইবাৰৰ ভাজপা শাষনে বাজপেয়ীদেৱৰ নির্দেশনা সম্পূর্ণ কৰিবলে!!
বগীবিল দলঙৰ কথাই লিখিব খুজিছো।
কিন্তু তাৰ আগেয়ে আমেৰিকাৰ চানফ্ৰান্সিস্ক আৰু মেৰাইন প্ৰদেশক সংযোগ কৰা বিখ্যা ত গল্ডেন গেট ব্ৰীজৰ বিষয়ে কিছু কথা প্ৰিয় পাঠকৰ সৈতে ভাগ বতৰা কৰি লব খুজিছো। কিয়নো দুয়োখন ঠাই, দুয়োটা পৰিকল্পনাৰে বহু কথাই ইটোৰ লগত সিটোৰ সাদৃশ্য আছে। যুক্তৰাষ্ট্ৰৰৰ বুদ্ধিজীৱী সকলে ১৯১৬ চনৰ পৰাই বিভিন্ন কাকত পত্ৰত লিখা মেলা কৰি আহিছিল যেন চানফ্ৰান্সিস্ক আৰু মেৰাইন প্ৰদেশৰ মাজত এখন সংযোগী সেতু নথকাৰ বাবেই দুয়োখন মহানগৰৰে ব্যৱসায় ক্ষতিগ্ৰস্ত হৈ আহিছে যাৰ বাবে সকলো দিশৰ পৰাই দোপত দোপে উন্নতি কৰিব পৰা সম্ভাৱনা থকা সত্বেও চানফ্ৰান্সিস্কৰ জনগণৰ জনমূৰি আয় যুক্তৰাষ্ট্ৰৰ জনমূৰি আয়ৰ তুলনাত নিম্ন হৈ আছে। কিন্তু এই দুই সাগৰীয় উপকূলৰ মাজৰ দৈর্ঘ্য হলগৈ আঢ়ৈ কিলোমিটাৰ, নদীৰ গভীৰতা ৩৭২ ফুট (১১৩ মিটাৰ) আৰু যিকোনো মুহূর্ততে খৰস্ৰোতা হৈ পৰে আৰু চকুৰ পচাৰতে সকলো ঢাহি মুহি নি পিচ মুহূর্ততে শান্ত হৈ পৰে। এনে অৱস্থাত কোনে বাৰু তাত দলঙ সজাৰ পৰিকল্পনা কৰিব পাৰে ? চানফ্ৰান্সিস্কৰ মহানগৰ অভিযন্তাৰ মতে সেই তাহানিতে ১০০ মিলিয়ন ডলাৰ মান হাতত নহলে আগবাঢ়িব নোৱাৰি বুলিয়ে মন্তব্য কৰিছিল। স্বপ্ন সন্ধানী অভিযন্তা যোচেফ ষ্ট্ৰেচে তেওঁৰ গ্ৰেজুৱেচন থেছিচত এখন ৮৯ কিলোমিটাৰ দৈর্ঘ্যৰ দলঙৰ পৰিকল্পনা কৰিছিল। পিচলৈ তেওঁ মুঠ ৪০০ খন মান দলঙৰ আঁচনি কৰি কার্যত ৰূপায়ণ কৰিছিল। ষ্ট্ৰেচে ১৯৯৭ চনত কৈছিল যে তেওঁ ১৭ মিলিয়ন ডলাৰ মানৰ ভিতৰত দলংখন সাজি উলিয়াব পাৰিব। ষ্ট্ৰেচৰ কথাৰ গুৰুত্ব আছে, সেয়ে ১৯১৭ চনত মহানগৰ অভিযন্তা এম এম চগনেচি আৰু ষ্ট্ৰেচৰ মাজত প্ৰাৰম্ভিক আলোচনা আৰম্ভ হল। সেয়েই আৰম্ভনি। ১৯২৩ চনত সংসদে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিবলৈ সেউজ সংকেত দিলে। কিন্তু এইবাৰ আহি পৰিল বিভিন্ন আইনী বাধা। যুক্তৰাষ্ট্ৰৰ স্বৰাষ্ট্ৰ দপ্তৰে অভিযোগ কৰিলে যে এই স্থানত দলং সাজিলে যুদ্ধ জাহাজৰ অহা যোৱাত বাধাৰ সৃষ্টি হব। অন্য অংশৰ ট্ৰেড ইউনিয়ন বোৰে ঘোষণা কৰিলে ইমান ধন বিনিয়োগ কৰাৰ লাভ হব কি, দলং উটি যাব আৰু দুয়োখন চহৰৰ স্থানীয় বনুৱাবোৰেহে লাভ লুটিব। ফেৰী চলাচল কৰাই থকা লেচীহঁতে আদালতত মোকর্দমা ৰুজু কৰিলে। প্ৰস্তাৱিত দলঙৰ দুই পাৰৰ মাটিৰ গৰাকী সেনাবাহিনী। সেনাবাহিনীয়ে কোনোপধ্যে মাটি এৰি দিব নুখুজিলে। পৰিবহন ব্যৱসায়ী সকলে নিজৰ স্বার্থত আঘাট পৰিব পাৰে বুলিও দলঙৰ বিৰোধিতা কৰিলে। কিন্তু যুক্তৰাষ্ট্ৰৰ আদালতে মাত্ৰ দুটা বছৰৰ ভিতৰতে সকলো মোকর্দমাৰ নিষ্পত্তি কৰিলে আৰু ১৯২৫ চনৰ পৰাই এই অভিলাষী পৰিকল্পনা বাস্তবায়িত কৰিবলৈ ষ্ট্ৰেচৰ নেতৃত্বত অভিযন্তা সকল আগবাঢ়িল। ষ্ট্ৰেচ হল মুখ্য অভিযন্তা কিন্তু বাকী অভিযন্তা সকলৰ কেৱল চাছপেন্সন ব্ৰীজ সজাৰ সামান্য অভিজ্ঞতাও নাই। চাছপেন্সন ব্ৰীজৰ সুবিধা এয়ে যে কিবা কাৰণত দলঙৰ তলৰ খুটা বাগৰি পৰিলে বা উটি গলেও দলঙখন ভাঙি নপৰে, অন্ততঃ দলঙৰ ওপৰৰ গাড়ী সমূহ বা মানুহ নিৰাপদে পাৰ হৈ যোৱাৰ সুবিধা থাকে। সেয়েহে নিউইয়র্কৰ পৰা মানহাট্টান ব্ৰীজ কোম্পানীৰ অভিযন্তা লিয়ন মইচককো আনি লোৱা হল। আর্কিটেক্ট আৰভিং মেৰই দলঙৰ খুটাসমূহৰ পৰা একেবাৰে মুধচলৈকে কি ৰং হব তালেকে সুন্দৰ ব্লু-প্ৰিন্ট তৈয়াৰ কৰিলে। আৰভিঙৰ ইচ্ছামতেই আজিও দলঙখনৰ ৰং সুমথিৰা বৰণৰ কৰিয়ে ৰখা হৈছে। অৱশ্যে যুক্তৰেষ্ট্ৰৰ নৌ সেনাৰ পৰামর্শ মতে দলঙৰ শীর্ষ অংশত কলা আৰু হালধীয়া ৰঙৰ আঁচ টানি দিয়া হৈছে যাতে দলঙখন দূৰৈৰ পৰাই দেখা যায়। ১৯২৫ চনত কাম আৰম্ভ কৰা দলঙখনৰ নির্মাণকার্য লৈ সকলোৰে মনত এনে উৎসাহ দেখা গৈছিল যে এই বাৰ বছৰ সময়ছোৱাতে গল্ডেন গেট ব্ৰীজক লৈ সৰু বৰ বিভিন্ন কিতাপ পত্ৰও প্ৰকাশ হৈছিল। গল্ডেন গেট নামৰ এখন উপন্যাসো বিখ্যাত হৈ পৰিছিল। গল্ডেন গেট ব্ৰীজক লৈ দুইখন মহানগৰৰ বসবাসীসকলৰ মাজত এনে উলাহ উদ্দীপনাৰ সৃষ্টি হৈছিল যে দলঙখনৰ শুভাৰম্ভৰ দিনা দুই লাখ মানুহ খোজকাঢ়ি ইপাৰ সিপাৰ হৈছিল। ষ্ট্ৰেচৰ কবিতা There is a silver Moon on the Golden Gate সকলোৱে কোৰাছ হিচাবে গাইছিল। পিছদিনা ৰাষ্ট্ৰপতি ৰুছভেল্টে ৱাশ্বিংটনৰ পৰা বুটাম টিপি পর্দা আঁতৰাই যান বাহনৰ বাবে দলংখন মুকলি কৰি কৈছিল-- The mighty task is done. ১৯৫৫ চনত ৰাষ্ট্ৰপতি অথবা মেয়ৰৰ নহয়, ষ্ট্ৰেচৰ আবক্ষ মূর্তি এটা গল্ডেন গেট ব্ৰীজৰ সমীপত স্থাপন কৰা হৈছিল। বিভিন্ন দেশৰ পর্যটকৰ বাবে গল্ডেন গেট ব্ৰীজৰ সুকীয়া মর্যাদা আছে কিয়নো--Possibly, the most beautiful, certainly the most photographed bridge in the world ।
ময়ো কেতিয়াবা সপোন দেখো, আমাৰ বগীবিল দলঙো এদিন the most beautiful, most photographed দলং হবগৈ নে ? কিন্তু পিচমুহূর্ততে একাংশ অভিযন্তা আৰু ঠিকাদাৰৰ কথা মনলৈ আহিলে সুখৰ সপোনৰ ঠাই অধিকাৰ কৰেহি দুখৰ হুমুনিয়াহে। গল্ডেন গেট ব্ৰীজ সজাৰ লেখিয়া দুঃ কার্য সম্পন্ন হৈছিল বাৰ বছৰৰ ভিতৰত, সোতৰ বছৰৰ ভিতৰত চাহজাহানে সপ্তম আশ্চর্য তাজমহলেই সাজি উলিয়াইছিল। কিন্তু আজি পোন্ধৰ বছৰ হৈ গল, বগীবিল দলঙৰ নামত বহু অভিযন্তা আৰু ঠিকাদাৰৰ বিলাসী গাড়ী-অট্টালিকা-সোণৰ সংসাৰ হল কিন্তু দলঙখনৰ খুটাঁকেইটা নিখুঁত ভাৱে থিয় নহল।
বগীবিল দলঙৰ প্ৰকল্পৰ সৈতে জড়িত অভিযন্তা মহিন্দৰ সিঙে স্বীকাৰ কৰিছে-- ১৯২৭ চনতে বৃটিছ শাসকসকলে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং সজাৰ বাবে পৰিকল্পনা কৰি বগীবিল অঞ্চলটোকে নির্বাচন কৰিছিল। বৃটিছ আৰু ভাৰতীয় ৰেলৱে অভিযন্তা কেইজনমানে প্ৰাথমিক জৰীপ কার্যও সমাপন কৰিছিল। ১৯৬২ চনত ডিব্ৰুগড় নাগৰিক সংঘই এই দাবী উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত ১৯৬৭ চনত ৰাইটচ নামৰ চৰকাৰী অভিযান্ত্ৰিক প্ৰতিস্থানটোক চার্ভেৰ কাম সম্পূর্ণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰেও দায়িত্ব অর্পণ কৰিছিল। ডিব্ৰুগড় নাগৰিক সংঘই এই দাবী সময়ে সময়ে দিছপুৰ- দিল্লীলৈ কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত এখোজো পিচ হুঁহুকা নাছিল যদিও ৰাজনৈতিক সদিচ্ছাৰ অভাৱ সদায় লক্ষ্য কৰা হৈছিল। পশ্চিমীয়া দেশৰ নাগৰিকৰ বিলাস বৈভৱ আমি অন্ধভাৱে অনুসৰণ কৰো, কিন্তু তেওঁলোকৰ দেশপ্ৰেম, মানৱ প্ৰেম আৰু কর্তব্য নিষ্ঠাৰ প্ৰতি আমি চকু মুদি ৰওঁ । গল্ডেন গেট নির্মাণ কার্য আগবাঢ়ি থকা সময়ত অভিযন্তা - শ্ৰমিকসকলক উৎসাহিত কৰাৰ বাবে নির্মাণ থলীৰ কাষত বিখ্যাত গীতিকাৰে গীত লিখিছিল, সংগীতজ্ঞই সংগীত পৰিৱেশন কৰিছিল আৰু চহৰখনৰ তিনিজন ধনৱান ব্যক্তিয়ে দলঙৰ নির্মাণকার্যৰ পটভূমিত সাহিত্য সৃষ্টি কৰিবলৈ লুই হাৱার্ট, কেন্টেভাৰ আৰু মেৰিয়া গজ নামৰ তিনিজন সাহিত্যিকক আর্থিক অনুদান প্ৰদান কৰিছিল।
আমাৰ ধনৱান সকলে পুত্ৰ কন্যাৰ নামত গাড়ী বাৰী ক্ৰয় কৰাতে কর্তব্য শেষ বুলি ধৰে ।
সেয়ে মাজে মাজে ভাব হয় বগীবিল দলং অন্য নাম মধুৰ সপোন নে হুমুনিয়াহ?


 

 
 
Copyright © 2020-2021 Brahamputra Times All Rights Reserved

Web Hosted & Designed By Assamlook.com